অসুস্থ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ

Zubeen in hospital Five stitches on head

আঘাতপ্ৰাপ্ত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ।

বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পাতালত আই চি ইউত চিকিৎসাধীন সংগীতশিল্পীজন ।

আজিয়ে গুৱাহাটীলৈ লৈ অনা হ’ব ।

চিকিৎসকে জনোৱা অনুসৰি শিল্পীগৰাকীৰ মূৰত পাঁচটাকৈ চিলাই পৰিছে ।

জুবিনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন তেওঁৰ অনুগামীসকল ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ জানিব দিয়ে যে তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই ।

জুবিনৰ স্বাস্থ্যৰ চিকিৎসাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ।

প্ৰয়োজন সাপেক্ষে দিল্লীলৈ লৈ যোৱা হ’ব উন্নত চিকিৎসাৰ বাবে ।

Exit mobile version