বোকাজানৰ বৰপথাৰত কোটি টকাৰ মূল্যৰ হেৰইন জব্দ, এজনক আটক

WhatsApp Image 2022 07 20 at 6.14.42 PM 1

বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ থানাৰ অধীনষ্ঠ খাকৰাজানত আজি আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ হেৰইনসহ জালত পৰে এটা সৰবৰাহকাৰী ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বৰপথাৰ আৰক্ষী আৰু ২০ নং চিআৰপিএফ বাহিনীয়ে খাকৰাজানত বিশেষ তালাচী চলাই ৷

তালাচীৰ সময়ত এন.এল.০৭ইবি ০৫৫৬ নম্বৰৰ এখন স্কুটি তালাচী চলাই আৰু ডিকিত এটা বেগত সোমোৱাই অনা ৩০টা চাবোনৰ বাকচত ওলাই পৰে নিষিদ্ধ হেৰইন যাৰ ওজন ৩২৩ গ্ৰাম ৷ আৰক্ষীৰ মতে, এই হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ২কোটি৫লাখ ৷

চাবোনৰ বাকচবোৰ বেগত আছিল যদিও আৰক্ষীৰ চকুত ধূলি দিবলৈ বেগৰ ওপৰভাগত মোবাইলৰ সামগ্ৰী ভৰাই আনিছিল ৷ আৰক্ষীয়ে হেৰইনসহ আটক কৰে ডিমাপুৰ শিঙৰীজানৰ নেত্ৰবাহাদুৰ সোণাৰ নামৰ সৰবৰাহকাৰীটোক ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত সৰবৰাহকাৰীটোৱে মোবাইলৰ সামগ্ৰীৰ ব্যৱসায় কৰে যদিও প্ৰধানকৈ এই ব্যৱসায়ৰ গইনা লৈ বোকাজান আৰু তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ড্ৰাগছৰ যোগান ধৰে ৷

Exit mobile version