Flight : মাজ আকাশতেই বিমানৰ সন্মুখৰ কাঁচত ফাট, দিল্লী-গুৱাহাটী বিমানক জয়পুৰত জৰুৰী অৱতৰণ

1x 1

মাজ আকাশতেই উৰনৰ সময়ত দিল্লীৰ পৰা গুৱাহাটীগামী এখন বেচৰকাৰী সংস্থাৰ বিমানৰ সন্মুখৰ কাঁচত ফাট ধৰা পৰে । বুধবাৰে সেয়া দৃষ্টিত পৰাৰ পাছত বিমানখনক জৰুৰীকালীন ভিত্তিত জয়পুৰলৈ ঘূৰাই অনা হয় । তাতেই জৰুৰী অৱতৰণ কৰে বিমানখনে ।

‘গ’ ফাৰ্ষ্ট’ নামে এই সংস্থাটোৰ বিমানত বিগত দুদিনৰ ভিতৰত এয়া তৃতীয়বাৰ যান্ত্রিক ত্রুটি ধৰা পৰিল বুলি জনাইছে ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েছনে (ডিজিচিএ) । বুধবাৰে এই সংস্থাৰ ‘এ৩২০- নিও’ বিমানত প্রযুক্তিগত সমস্যা ধৰা পৰে ।

ভাৰতৰ আকাশত বিমান পৰিবহণৰ নিয়ন্ত্রকে এই সংস্থাৰ এজন বিষয়াক জনাইছে, মঙলবাৰে মুম্বাইৰ পৰা লেহ্‌ আৰু শ্রীনগৰৰ পৰা দিল্লীগামী বিমানতো যান্ত্রিক ত্ৰুটি দেখা দিছিল । দুয়োটা ক্ষেত্রতেই সেইবোৰ ‘গ’ ফাৰ্ষ্ট’-ৰ বিমান আছিল । ডিজিচিএ-য়ে জনাইছে, এই দুয়োখন বিমানকেই স্থগিত কৰা হৈছে ।

Exit mobile version