ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

bjp

প্রথম ৰাউণ্ডৰ গণনাৰ পৰাই স্পষ্ট হৈ গৈছিল ফলাফল কি হ’ব । অৱশেষত সেই সম্ভাৱনাকেই সত্য প্ৰমাণিত কৰি বিৰোধী প্রার্থী যশৱন্ত সিন্‌হাক পৰাজিত কৰি দেশৰ নতুন ৰাষ্ট্রপতি হ’ল দ্রৌপদী মুর্মু (Draupadi Murmu) ।

ইপিনে, পৰিসংখ্যাৰ হিচাপত পূৰ্বেই স্পষ্ট হৈ গৈছিল যে এনডিএ (NDA)পদপ্রার্থীয়ে আগবাঢ়ি আছে পৰৱর্তী ৰাষ্ট্রপতি হোৱাৰ দৌৰত । যদিও ১৮ তাৰিখে নিৰ্বাচনৰ দিনাখন ক্রছ ভোটিঙৰ অভিযোগ উত্থাপিত হৈছিল । আনহাতে, বিৰোধী পদপ্রার্থী যশৱন্ত সিন্‌হাক কৈছিল, কেৱল ৰাজনৈতিক যুঁজ নহয়, এয়া তেওঁৰ আদর্শৰ যুঁজ । সেই যুঁজত অন্তৰাত্মাৰে তেওঁক ভোট দিয়াৰ আহ্বান জনাইছিল । দুই দলৰ দাবী আছিল, ক্রছ ভোট হৈছে । অৱশ্যে বৃহস্পতিবাৰে গণনাৰ আৰম্ভণিতে বোজা যায়, বহু আগত দ্রৌপদী মুর্মু ।

প্রথম ৰাউণ্ডৰ শেষত দেখা যায় দ্রৌপদীৰ প্রাপ্ত ভোট ৫৪০, আনহাতে, বিৰোধীপক্ষৰ ৰাষ্ট্রপতি পদপ্রার্থী যশৱন্ত সিন্‌হাই পাইছে ২০৮টা ভোট । দ্বিতীয় ৰাউণ্ডৰ গণনাতো একেদৰেই আধিপত্য বজায় ৰাখে দ্রৌপদীয়ে ।

যোৱা সোমবাৰে ‘ক্রছ ভোট’ (Cross Voting) আৰু অর্থৰ বিনিময়ত ‘হৰ্ছ ট্ৰেডিং’ৰ অভিযোগৰ মাজতেই ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্রহণ পর্ব সমাপ্ত হয় । প্রায় ৯৯ শতাংশ সাংসদ আৰু বিধায়কে ভোট দিছিল বুলি নির্বাচন আয়োগৰ তৰফৰ পৰা জনায় । ২৪ জুলাইত শেষ হ’ব বর্তমান ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ কার্যকাল । পাছৰ দিনাখনেই অর্থাৎ ২৫ জুলাইত শপত বাক্য পাঠ কৰিব দেশৰ নতুন ৰাষ্ট্রপতিয়ে ।

এইবাৰৰ ৰাষ্ট্রপতি নির্বাচনক কেন্দ্র কৰি আৰম্ভণিৰ পৰাই ৰাজনৈতিক বতাহ গৰম হৈ আছিল দেশৰ ৰাজনীতি । প্রথমে অনুমান কৰা হয়, বিৰোধীপক্ষৰ স’তে আলোচনা কৰিয়ে প্রার্থী নির্বাচন কৰিব কেন্দ্রৰ শাসকদলে । বিৰোধী পক্ষৰ স’তে আলোচনা কৰাৰ দায়িত্ব দিয়া হয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙক । তেওঁ বাংলাৰ মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায় (Mamata Banerjee), শৰদ পাৱাৰসহ হেভিৱেট বিৰোধী নেতাসকলৰ স’তে আলোচনা কৰাৰ পাছতো কাক প্রার্থী হিচাপে বিচাৰে, সেয়া নজনাই বুলি অভিযোগ বিৰোধীপক্ষৰ । সেয়ে দুটা পৰ্যায়ত বৈঠকত মিলিত হোৱাৰ পাছত প্রাক্তন কেন্দ্রীয় বিত্তমন্ত্রী যশৱন্ত সিন্‌হাক প্রার্থী ঘোষণা কৰা হয় । সেইদিনা নিশাই দ্রৌপদী মুর্মুক (Draupadi Murmu) প্রার্থী ঘোষণা কৰে বিজেপিয়ে ।

Exit mobile version