মালেগড়ত ব্ৰহ্মপুত্ৰ-মানাহ-বেঁকী নৈৰ খহনীয়াৰ বিধ্বংসী ৰূপ

জাহ গৈছে বাসগৃহ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান

IMG 20220721 WA0026

বিগত দিনতকৈ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাৰ যোগীঘোপা অঞ্চলৰ মালেগড়ৰ নৈৰ গৰাখহনীয়াই । উল্লেখ্য যে বেঁকী আৰু মানাহ নৈয়ে মালেগড়ৰ গোবিন্দপুৰ গাঁৱৰ ওচৰতেই মিলিত হোৱাত স্বাভাৱিকতে নৈৰ গতিবেগ অধিক । ইয়াৰ ফলতে বিগত বৰ্ষৰ পৰাই আৰম্ভ হয় নৈ কেইখনৰ গৰাখহনীয়া ।

চলিত বৰ্ষত খহনীয়াই বিধ্বংসী ৰূপ লৈ কে’বাটাও পৰিয়ালৰ ঘৰ-বাৰী, ভেটি-মাটি উচন কৰি অঞ্চলবাসীৰ বাবে ত্ৰাসৰ সৃষ্টি কৰে । এনে অৱস্থাত জিলা প্ৰশাসনে অঞ্চলটো পৰিদৰ্শন কৰাৰ পাছত যোৱা গ্ৰামোন্নয়ন তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যোৱা ২১ জুনত আৰু পৰৱৰ্তী সময়ত যোৱা ১২ জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খহনীয়া অঞ্চল পৰিদৰ্শন কৰি প্ৰতিৰোধ ব্যৱস্থাৰ বাবে আঁচনি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও খহনীয়া প্ৰতিৰোধৰ তাৎক্ষণিক ব্যৱস্থা লোৱা নহ’ল । ফলত মুখ্যমন্ত্ৰীয়ে উভতি যোৱাৰ পাছদিনাই কে’বাদশক পুৰণি ৰাধা-গোবিন্দৰ মন্দিৰটো নৈৰ বুকুত জাহ যায় ।

ইপিনে, নৈৰ জলপৃষ্ঠ হ্ৰাস পোৱাত খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছেে । উপাই নাপাই গাওঁখনৰ ৰাইজে নিকটৱৰ্তী গঞাৰ সহযোগত বাহঁ, গছৰ ডাল আদিৰে খহনীয়া প্ৰতিৰোধ প্ৰচেষ্টা হাতত লৈছে যদিও সকলোবোৰ নৈৰ সোঁতত উটি যোৱাত বিপাঙত পৰিছে ৰাইজ । ইতিমধ্যে গাঁওখনৰ নকুল দাস, ৰাধাকান্ত দাস, গৌৰ দাস, খুদিৰাম দাস, অনিল দাস, বলোৰাম সৰকাৰ, সুধিৰ দাস, পৰেশ দাসৰ ঘৰ-বাৰী ,ভেটি-মাটি উছন হোৱাৰ লগতে খহনীয়াই যিধ্বংসী ৰূপ লৈছে অচিৰেই বহু পৰিয়াল গৃহহীন হোৱাটো নিশ্বিত হৈ পৰিছে । অচিৰেই যদি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নলয় তেনেহ’লে তিনিকোণীয়া আদি গাঁও খহনীয়াৰ কৱলত পৰিব ।

Exit mobile version