COVID-19 : ক’ভিড আপডেট

210501004308 01 0430 india coronavirus super 169

সপ্তাহৰ প্রথমত ক’ভিডত আক্রান্তৰ সংখ্যা কমিলেও বুধবাৰৰ পৰা সংক্রমণৰ লেখচিত্র পুনৰ ঊর্ধ্বমুখী হ’ব লৈছে । বিগত দুদিন ধৰি দেশত দৈনিক সংক্রমণ ২০ হেজাৰৰ ওপৰতেই আছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, দেশত দৈনিক সংক্রমিতৰ সংখ্যা ২১,৫৬৬ । বুধবাৰে এই সংখ্যা আছিল ২০,৫৫৭ ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বৃদ্ধি পাই হ’ল ৪.৮ শতাংশ । বুধবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.১৩ শতাংশ ।

ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ তালিকাত মহাৰাষ্ট্রকেশ পিছ পেলাই শীর্ষত কেৰালা । বিগত ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ২,৬৬৭ । ইয়াৰ পাছতে আছে পশ্চিমবংগ (২,৪৫৫), মহাৰাষ্ট্র (২,৩২৫) আৰু তামিলনাডু (২,১১৬) । লক্ষদ্বীপত সম্প্ৰতি ক’ভিডত দৈনিক আক্রান্তৰ সংখ্যা শূন্য ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৪৫ জনৰ । ইয়াৰ ভিতৰত বিগত ২৪ ঘণ্টাত কেৰালাতেই ১৭ জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । ইয়াৰ উপৰি মহাৰাষ্ট্রত সাতজন, পশ্চিমবংগত ছয়জন, উত্তৰাখণ্ড, অসম, বিহাৰ, ৰাজস্থানত দুজন আৰু ছিকিম, মিজোৰাম, হিমাচল প্রদেশ, গোৱা, হাৰিয়ানা, উত্তৰ প্রদেশ, জম্মু আৰু কাশ্মীৰত এজনকৈ লোকৰ মৃত্যুৰ খবল পোৱা গৈছে ।

বুধবাৰে ক’ভিডত আক্রান্ত হৈ মৃত লোকৰ সংখ্যা আছিল ৪০ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ৮৭০ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ১৮,২৯৪ জন । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩১ লাখ ৫০ হেজাৰ ৪৩৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫ শতাংশ ।

Exit mobile version