Gyanvapi Mosque : জ্ঞানবাপী মছজিদৰ ‘শিৱলিংগৰ’ কার্বন ডেটিং পৰীক্ষাত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

মছজিদ চৌহদত ওজুখানাত শিৱলিংগৰ উপস্থিতি সম্পর্কে দাবী কৰি তাৰ বয়স জানিবৰ বাবে ‘কার্বন ডেটিং’ পৰীক্ষাৰ আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত । কিন্তু সেই দাবী খাৰিজ কৰিছে শীর্ষ আদালতে ।

শীৰ্ষ ন্যায়ালয়ে বৃহস্পতিবাৰে জনাইছে, ২০২১ৰ আগষ্টত পাঁচ হিন্দু মহিলা জ্ঞানবাপীৰ ‘মা শৃংগাৰ গৌৰী’ (ওজুখানা আৰু তহখানা নামে পৰিচিত) আৰু মছজিদৰ ভিতৰৰ পশ্চিমৰ দেৱালত দেৱদেৱীৰ মূর্তিৰ অস্তিত্বৰ দাবী কৰি তাত পূজা-অর্চনাৰ অনুমতি বিচাৰি যি গোচৰ দাখিল কৰিছিল, বাৰাণসী জিলা আদালতত তাৰ ৰায় ঘোষণা নোহোৱা পর্যন্ত অপেক্ষা কৰা প্রয়োজন ।

জ্ঞানবাপী গোচৰত ইলাহাবাদ উচ্চ ন্যায়ালয়ৰ ‘ন্যায়ালয় আয়ুক্ত’ নিয়োগৰ নির্দেশৰ বিৰুদ্ধে ‘অঞ্জুমান ইন্তেজামিয়া (জ্ঞানবাপী) মছজিদ কমিটী’ৰ তৰফৰ পৰা যি আবেদন জনোৱা হৈছিল, আগন্তুক অক্টোবৰৰ প্রথম সপ্তাহ পর্যন্ত তাৰ শুনানি স্থগিত ৰখাৰ কথাও ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে । সেই সময়ত মছজিদ চৌহদৰ ৰক্ষণাবেক্ষণ সংক্রান্ত দাবীৰো শুনানি হ’ব ।

প্রসংগত, বাৰাণসী দায়ৰা আদালতৰ ন্যায়াধীশ ৰবিকুমাৰ দিবাকৰ নিযুক্ত কমিটী মছজিদৰ ভিতৰত সমীক্ষা আৰু ভিডিঅ’গ্রাফিৰ নির্দেশ দি পর্যবেক্ষক দল গঠন কৰিছিল । সেই কাম সমাপ্ত হোৱাৰ পাছতেই যোৱা ২০ মে’ত শীৰ্ষ ন্যায়ালয়ৰ নির্দেশত গোচৰৰ শুনানিৰ দায়িত্ব পায় বাৰাণসী জিলা আদালতে ।

পর্যবেক্ষক দলৰ ভিডিঅ’গ্রাফিৰ প্ৰতিবেদনত মছজিদৰ ওজুখানাৰ জলধাৰত শিৱলিংগৰ দৰে আকৃতিৰ যি পৰিকাঠামোৰ সন্ধান পোৱা গৈছে, সেইটো প্ৰকৃততে ফোৱাৰা বুলি মুছলিম পক্ষৰ দাবী ।

Exit mobile version