INS Vikramaditya : আইএনএছ বিক্রমাদিত্যত জুই, কর্নাটকৰ উপকূলত ! নৌসেনাৰ তদন্ত আৰম্ভ

Collage Maker 20 Jul 2022

পুনৰ অগ্নিকাণ্ড ভাৰতীয় নৌসেনাৰ বিমানবাহী ৰণতৰী আইএনএছ বিক্রমাদিত্য ৰণতৰীত । জুই নোমোৱাবলৈ গৈ শ্বাসৰুদ্ধ হৈ মৃত্যু হ’ল এজন নৌসেনা বিষয়াৰ । বুধবাৰে কর্নাটকৰ কাৰৱাৰ বন্দৰ এৰি সমুদ্রযাত্রাৰ সময়তেই দুর্ঘটনাটো সংঘটিত হয় বুলি নৌবাহিনীৰ তৰফৰ জনোৱা হৈছে ।

আইএনএছ বিক্রমাদিত্য অগ্নিকাণ্ডৰ ঘটনাচ কোনো আহত হোৱা নাই । কিছু সময়ৰ চেষ্টাতেই যুদ্ধজাহাজৰ নাবিকসকলে জুই নিয়ন্ত্রণত আনে । ঘটনাৰ কাৰণ অনুসন্ধানৰ বাবে নৌসেনাৰ সদৰ দপ্তৰত এটা উচ্চ পর্যায়ৰ তদন্ত কমিটী গঠন কৰিছে । বিক্রমাদিত্যৰ অগ্নিসুৰক্ষা আৰু অগ্নিনির্বাপণ ব্যৱস্থাও পৰ্যবেক্ষণ কৰা হৈছে ।

২০১৯ৰ এপ্রিলত কাৰৱাৰ বন্দৰত সোমোৱাৰ সময়ত অগ্নিকাণ্ডৰ বলি হৈছিল আইএনএছ বিক্রমাদিত্য । সেই ঘটনাত মৃত্যু হৈছিল নৌসেনাৰ লেফটেনেন্ট কামাণ্ডাৰ ডিএছ চৌহানৰ । প্রসংগত, ২০১৪ৰ জানুৱাৰীত ৰাছিয়াৰ পৰা ২৩০ কোটি মার্কিন ডলাৰত বিমানবাহী ৰণতৰীটো কিনিছিল ভাৰতে । ২৮৪ মিটাৰ দীঘল আৰু ৬০ মিটাৰ বহল এই যুদ্ধজাহাজটো ২০ মহলীয়া অট্টালিকাৰ সমান ওখ । ওজন ৪০ হেজাৰ টন । বিক্রমাদিত্যৰ ডেকত ৩০ টা যুদ্ধবিমান আৰু ছয়টা হেলিকপ্টাৰ ৰখাৰ ব্যৱস্থা আছে ।

Exit mobile version