NCP : এনসচিপিৰ কমিটী ভংগ কৰিলে শৰদ পাৱাৰে, সালসলনিৰ ইংগিত

ekqv5sl4 sharad pawar

এনচিপি আৰু তাৰ সমস্ত শাখা সংগঠন ভংগ কৰিলে দলৰ সভাপতি শৰদ পাৱাৰে । এনচিপি সূত্রে খবৰ, দলৰ সাংগঠনিক অবয়ব সলনি কৰাৰ উদ্দেশ্যেই এই পদক্ষেপ ।

যোৱা ৩০ জুনত উদ্ধৱ ঠাকৰেৰ নেতৃত্বাধীন মহাবিকাশ আঘাড়ি (শিৱসেনা আৰু কংগ্রেছৰ লগতে যি জোঁটৰ অন্যতম অংশীদাৰ এনচিপি)-ৰ চৰকাৰক প্ৰত্যাহাৰ কৰি মুখ্যমন্ত্রী পদত একনাথ শিণ্ডেৰ শপতগ্ৰহণৰ পাছত মৰাঠা ৰাজনীতিৰ সমীকৰণ বহুখিনি সলনি হৈ গৈছে । এনে পৰিস্থিতিত কৌশলী ৰাজনীতিক শৰদ সংগঠন আৰু শাখা সংগঠনৰ পদাধিকাৰীসকলৰ সাল-সলনি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ।

পাৱাৰ ঘনিষ্ঠ এনচিপি নেতা প্রফুল পেটেলে কয়, ‘‘আমাৰ দলৰ সর্বভাৰতীয় সভাপতিৰ নির্দেশতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।’’ ৰাজনৈতিক সূত্রে খবৰ, শিৱসেনাত বিদ্রোহ দেখাৰ পাছত সতর্ক হৈছে শৰদ । মহাৰাষ্ট্ৰৰ নতুন বিৰোধী দল নেতা হৈছে এনচিপি বিধায়ক তথা সদ্যপ্রাক্তন উপমুখ্যমন্ত্রী অজিত পাৱাৰ । ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ পাছত শৰদৰ নির্দেশ অমান্য কৰি বিজেপিৰ সহযোগত উপমুখ্যমন্ত্রী হৈছিল অজিত । সম্প্রতি শিণ্ডেৰ আস্থাভোটত অজিত ঘনিষ্ঠ কে’বাজনো এনচিপি বিধায়ক অনুপস্থিত আছিল ।

Exit mobile version