মানাহৰ ভূঞাপাৰা ৰেঞ্জত বনৰীয়া হাতীৰ শোকাৱহ মৃত্যু

WhatsApp Image 2022 07 22 at 6.55.34 PM

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ দাঁতিকাষৰীয়া কৰেবাৰী গাঁৱৰ সমীপত আজি ৰাতিপুৱা এটা প্ৰাপ্তবয়স্ক মাইকী বনৰীয়া হাতীৰ শোকাৱহভাৱে মৃত্যু ঘটে ৷

ADVERTISEMENT

উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাউণ্ডেৰীত স্থাপন কৰা সৌৰশক্তিচালিত ফেন্সিঙত বিদ্যুৎ প্ৰবাহিত হৈ হাতীটোৰ মৃত্যু ঘটে ৷ মৃত হাতীটোৰ শুঁৰডাল ফেন্সিঙৰ তাঁৰত ওলমি থকাও প্ৰত্যক্ষ কৰা হৈছে ৷

মানাহৰ বন্যপ্ৰাণী বাহিৰলৈ ওলাই নাযাবৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাউণ্ডেৰীসমূহত এনে ছোলাৰ ফেন্সিঙৰ ব্যৱস্থা পূৰ্বৰে পৰাই আছে আৰু এই সৌৰশক্তিচালিত ফেন্সিঙত পূৰ্বে বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰো কোনো উদাহৰণ নাই, সেয়েহে দূৰ্ভাগ্যজনকভাৱে শ্বৰ্ট শ্বাৰ্কিটৰ ফলত উচ্চ ক্ষমতাৰ সৌৰবিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলতেই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বিভাগীয় সহকাৰী সঞ্চালক জেচিম আহমেদ আৰু চিকিৎসক প্ৰভাত বসুমতাৰীয়ে ৷

ইতিমধ্যে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে মানাহৰ বন বিভাগে ৷

Exit mobile version