হেজাৰ মানুহৰ সন্মুখত নগ্ন হ’ব পাৰো : ৰণবীৰ সিং

নগ্ন হৈ ফটোশ্বুট কৰিলে ৰণবীৰে !

655abf23fb56806769c00a0efe1e80861658456092 original

ৰণবীৰ সিং (Ranveer Singh) । ‘লার্জাৰ ডেন লাইফ’ । বলিউডৰ এই নায়কে কেতিয়া কি কোৱা কঠিন । সৰ্বাধিক চমক দিয়ে তেওঁ তেওঁৰ পোছাকেৰেই ।

এইবাৰ ৰণবীৰক দেখা গ’ল নগ্ন অৱস্থাত । ‘পেপাৰ মেগাজিন’ৰ বাবে তেওঁ সম্পূর্ণ নগ্ন হৈ ফটোশ্বুট কৰিলে । স্বাভাৱিকভাৱেই ছবিবোৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

নিজৰ এনে অৱতাৰৰ বিষয়ে ৰণবীৰে কয়, সকলোৰে সন্মুখত নগ্ন হ’বলৈ তেওঁৰ অলপো অসুবিধা নহয় । তেওঁ কয়, “শাৰীৰিকভাৱে নগ্ন হৈ যোৱাটো মোৰ বাবে অতি সহজ ।” ৰণবীৰৰ মতে, “ম‌ই হেজাৰ হেজাৰ মানুহৰ সান্মুখত নগ্ন হ’ব পাৰো । মোৰ একো ক্ষতি নহয় । অৱশ্যে অন্য সকল অস্বস্তিত পৰিব ।”

বহু ভংগিমাত দেখা গৈছে ৰণবীৰক । কেতিয়াবা বহি, কেতিয়াবা আধাশুৱা কেতিয়াবা ওপৰমুৱা হৈ । নেটিজেনৰ অধিকাংশৰেই মত, বিখ্যাত মার্কিন অভিনেতা বার্ট ৰেনল্ডছক শ্রদ্ধা জনাই আধাবহা প’জটো দিছে বলিউডৰ তাৰকাগৰাকীয়ে । তুৰস্কৰ এখন কম্বলৰ ওপৰতেই শ্বুট কৰিছে তেওঁ ।

https://twitter.com/papermagazine/status/1550153114665230336?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1550153114665230336%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Fentertainment%2Fcinema%2Franveer-singh-goes-undressed-for-magazine-cover%2F

বলিউডৰ কোনো প্রথম শাৰীৰ অভিনেতাৰ এনে সাহসিকতা সচৰাচৰ চকুত নপৰে । স্বাভাৱিকভাৱেই ভাইৰেল ছবিবোৰ প্রশংসাৰ লগতে নিন্দাও পাইছে । অনেকৰ মত, কেৱল চমক দিবলৈ এনেদৰে নগ্ন হ’ল ৰণবীৰ । অৱশ্যে স্বাভাৱিকভাৱেই ৰণবীৰ ‘কুল’ হৈ আছে ।

জীৱনটো নিজৰ মতে আৰু চৰ্ত জীয়াব বিচাৰে তেওঁ । তেওঁৰ অনুৰাগীসকলে জানে, এইটোৱে ‘ব্ৰেণ্ড ৰণবীৰ’ । এইবাৰো সেয়াই কৰিছে তেওঁৰ প্রিয় তাৰকাই । নগ্ন হৈ মডেলিং কৰাৰ লগতে জনায়ো দিছে, ইচ্ছা কৰিলে বিপুল জনতাৰ সন্মুখত নিজকে সম্পূর্ণ উন্মোচিত কৰাত কোনো সংকোচ নহয় তেওঁৰ । এইটো কোনো বিচক্ষণ নহয় ।

ইপিনে ৰণবীৰৰ এই ফটোশ্বুট প্রসংগত প্রশ্ন উত্থাপন কৰিছে অভিনেত্রী-সাংসদ মিমিয়ে । তেওঁ কয় যে ৰণবীৰৰ নগ্নতাক লৈ ইমান প্রশংসা । কিন্তু যদি ৰণবীৰ এগৰাকী মহিলা হ’ল হয়, তেতিয়া কি হ’ল হয় । হয়তো তেওঁৰ ঘৰ জ্বলাই দিয়া তথা তেওঁৰ ফাঁচীৰ দাবী তুলিলে হয় । সাংসদ মিমিৰ মতে, সাম্যৰ কথা মুখত ক’লেও বাস্তৱত ইয়াৰ কোনো অস্তিত্ব নাই ।

Exit mobile version