China : উপগ্রহচিত্রত ‘কাল্পনিক’ গাঁও ! চীনৰ ৱেবছাইটত এইবাৰ ভূটানৰ ভূমি দখলত প্ৰশ্ন ?

1658488434 bhutan

পূৱ লাদাখ, অৰুণাচলৰ পাছত এইবাৰ ‘ড্রেগনৰ চকু’ ভূটানত । কেৱল ডোকলাম উপত্যকাত প্ৰৱেশ কৰি সেনা ঘাটি স্থাপন কৰাই নহয়, আমু চু অঞ্চলত প্ৰৱেশ কৰি চীনা ফৌজে এখন গাঁও স্থাপন কৰিছে বুলি অভিযোগ ।

সম্প্রতি এটা উপগ্রহচিত্রৰ ভিত্তিত ভূটান সীমান্তৰ আমু অঞ্চলৰ কাল্পনিক ছবি প্রকাশ কৰিছে এটা চীনা ৱেবছাইটে । তাত বিতর্কিত অঞ্চলত চীনা গাঁও আছে ! উপগ্রহচিত্রৰ ভিত্তিত তৈয়াৰী কাল্পনিক গাঁৱৰ ছবিত দেখা গৈছে, এটা পাহাৰীয়া নদীৰ কাষত একেই আকাৰৰ শাৰী শাৰী গৃহ । পূৰ্বে অৰুণাচলৰ বিতর্কিত অঞ্চলত গঢ়ি তোলা চীনা গাঁৱতো এনে শাৰীবদ্ধ গৃহৰ ছবি দেখা গৈছিল ।

প্রসংগত, পূৱ লাদাখত প্রকৃত নিয়ন্ত্রণৰেখাত (এলএচি) উত্তেজনাৰ সময়তেই ২০২০ত ভূটানৰ ভূখণ্ডত ‘চকু’ দিছিল চীনে । সেনা অনুপ্রৱেশৰ লগতে, পূৱ ভূটানৰ সীমান্তৱৰ্তী ছাকতেং বন্যপ্রাণী অভয়াৰণ্যৰ মালিকানাৰ দাবী তোলা হৈছিল আন্তর্জাতিক মঞ্চত । যদিও সেই বছৰৰ শেষৰ ফালে আন্তর্জাতিক সংস্থা ‘গ্ল’বেল এনভায়ৰনমেন্ট ফেচিলিটি’ (জিইএফ)-ৰ সাধাৰণ পৰিষদৰ ভার্চুৱেল সভাত ভাৰতসহ কে’বাখনো দেশে থিম্পুক সহযোগ কৰাৰ বাবে বেইজিঙৰ উদ্দেশ্য সিদ্ধি নহয় ।

বিতর্কিত ভূখণ্ডত চীনৰ এই দখল ভাৰতৰ পক্ষে উদ্বেগজনক বুলি ধাৰণা কৰিছে বিশেষজ্ঞ মহলে । পূৰ্বে ২০২০-ৰ নৱেম্বৰত ডোকলামৰ কাষত ভূটান সীমান্তৰ দুই কিলোমিটাৰৰো অধিক ভিতৰত আহি ‘পাংদা’ নামে এখন গাঁও স্থাপন কৰাৰ অভিযোগ উঠিছিল চীনৰ বিৰুদ্ধে । ইয়াৰ পাছতেই ডোকলাম মালভূমিৰ পূর্বাংশত চীনা অনুপ্রৱেশৰ খবৰ পোৱা যায় । সেই সময়ত চীনে অনুপ্রৱেশৰ খবৰ স্বীকাৰ নকৰে । এইবাৰ চীনা ৱেবছাইটতেই অধিকৃত তিব্বতৰ কাষৰ ভূটানৰ ভূমি দখলৰ পক্ষত প্ৰশ্ন উত্থাপন কৰা হ’ল ।

Exit mobile version