COVID-19 : ক’ভিড আপডেট

shutterstock 1808630479 h2

ভাৰতত বিগত ২৪ ঘণ্টাত ২১ হেজাৰ ৮৮০ জন কৰ’না আক্রান্ত হৈছে বুলি জনালে কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ে । শুকুৰবাৰে পুৱা আঠ বজা পর্যন্ত দিয়া তথ্য অনুসৰি দেশত সম্প্ৰতি মুঠ কৰ’না ৰোগীৰ সংখ্যাও প্রায় ডেৰ লাখ । সম্প্ৰতি চৰকাৰী তথ্য অনুযায়ী এক লাখ ৪৯ হেজাৰ ৪৮২ জন কৰ’না আক্রান্ত আছে দেশত । দুয়োটা সংখ্যাই বিগত পাঁচ মাহত সর্বোচ্চ । যোৱা ফেব্রুৱাৰীৰ শেষ সপ্তাহত দেশৰ কৰ’না পৰিসংখ্যা ইয়াৰ ওচৰা-ওচৰি আছিল । যেতিয়া দেশত অ’মিক্রনৰ সংক্ৰমণত কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈছিল ।

বিগত এসপ্তাহ ধৰি দেশত কৰ’নাৰ দৈনিক সংক্রমণ ২০ হেজাৰৰ আশে পাশে আছে । বৃহস্পতিবাৰে দিয়া কেন্দ্রীয় তথ্যত দৈনিক আক্রান্তৰ সংখ্যা আছিল ২১ হেজাৰ ৫৬৬ । অৱশ্যে শুকুৰবাৰে এই সংখ্যা আৰু বৃদ্ধি পোৱাত প্রশ্ন উঠিছে অ’মিক্রনৰ নতুন উপৰূপ বিএ ২.৭৫ যাক ‘ছেন্টাৰছ’ বুলিও কোৱা হয় তাৰ ফলত চতুর্থ ঢৌ আৰম্ভ হ’ব নেকি দেশত ?

শুকুৰবাৰে কেন্দ্রীয় পৰিসংখ্যা অনুযায়ী, এই পর্যায়ত দেশত মূলত চাৰিখন ৰাজ্যত দৈনিক সংক্রমণ সৰ্বাধিক । প্রথমতেই নাম আছে কেৰালাৰ । বিগত ২৪ ঘণ্টাত এই ৰাজ্যত ২৬৬২ জন কৰ’না আক্রান্ত হৈছে । তাৰ পাছতেই আছে পশ্চিমবংগ । এদিনত ২৪৮৬ জন আক্রান্ত হৈছে পশ্চিমবংগত । তৃতীয় আৰু চতুর্থ স্থানত আছে মহাৰাষ্ট্র (২২৮৯) আৰু তামিলনাডু (২০৯৩)। পঞ্চম স্থানত ওড়িছা । অৱশ্যে ওড়িছাত বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে ১১৯৬জন ।

সমগ্ৰ দেশত ২৪ ঘণ্টাত কৰ’নাত ৬০ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত কেৰালাৰ ২১টা অনথিভু্ক্ত মৃত্যু আছে । তদুপৰি সাতজনৰ মৃত্যু হৈছে ছত্তীছগঢ়ত । বাংলা আৰু মহাৰাষ্ট্রত মৃত্যু হৈছে ছজনৰ ।

Exit mobile version