Monkeypox : ক্রমে উদ্বেগ বৃদ্ধি কৰিছে মাংকিপক্সে ! কেৰালাৰ তৃতীয়জন সংক্ৰমিত

উদ্বেগ বঢ়াইছে মাংকিপক্সে ! ভাৰতত পুনৰ এজনৰ শৰীৰত পোৱা গ’ল মাংকিপক্সৰ উপস্থিতি । আকৌ সংক্রমিত হ’ল কেৰালাৰ এজন লোক ।

সংবাদসংস্থা সূত্রে খবৰ, দেশত মাংকিপক্সত আক্রান্ত তৃতীয় ব্যক্তিজন যোৱা ছয় জুলাইত সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা মালাপ্পুৰমলৈ উভতি আহে । কেৰালাৰ স্বাস্থ্যমন্ত্রী বীণা গর্গে জনাইছে, আক্রান্ত ব্যক্তিজনক হাস্পাতালত পর্যবেক্ষণত ৰখা হৈছে । তেওঁৰ শাৰীৰিক অৱস্থা স্থিতিশীল ।

পূৰ্বে, ডুবাইৰ পৰা উভতা ৩১ বছৰ বয়সৰ কেৰালাৰ এজন যুৱক এই ভাইৰাছত সংক্রমিত হয় ।

উল্লেখ্য, দেশত কেৰালাতেই প্রথম মাংকিপক্স আক্রান্তৰ সন্ধান পোৱা যায় । এই ভাইৰাছত প্ৰথম সংক্রমিত হোৱা ব্যক্তিজনো সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা উভতিছিল । উপসর্গ পৰিলক্ষিত হোৱাৰ পাছত তেওঁৰ নমুনা প্ৰেৰণ কৰা হৈছিল পুনেৰ গৱেষণাগাৰত । তাতেই রিপোর্ট পজিটিভ আহে । সংশ্লিষ্ট ব্যক্তিজন বিদেশত এজন মাংকিপক্স আক্রান্তৰ সংস্পর্শত আহিছিল । সেয়ে সংক্রমণ হৈছে বুলি জানিব পৰা গৈছে ।

Exit mobile version