বিধায়ক কৰিমুদ্দিনে বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ বিৰুদ্ধে অনা অভিযোগৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া

বিধায়ক কৰিমুদ্দিন এজন গোকাট মিচলীয়া ব্যক্তি, ইয়াৰ প্ৰমান ইতিমধ্যে তেওঁ নিৰ্বাচনী আয়োগক দিয়া ভুৱা হলফনামাৰ পৰা পোৱা গৈছে । তেওঁ যে, ধাৰাবাহিক ভাৱে মিচা কথা কৈ ৰাজনৈতিক ক্ষেত্ৰখনত বৰ্তি আছে তাৰ প্ৰমাণ অনাগত সময়ত ৰাইজৰ আগত উদঙাই দিব লাগিব । তেওঁৰ ওপৰত ইতিমধ্যে মই এটা গোচৰ ৰুজু কৰি থৈছো আৰু এতিয়া তেওঁ মোৰ ওপৰত অনা কেতবোৰ ভুৱা আৰু ষড়যন্ত্ৰমূলক অভিযোগৰ সন্দৰ্ভত আৰু এটা গোচৰ ৰুজু কৰিম ।

তেওঁ এই সকলোবোৰ ভুৱা অভিযোগৰ প্ৰমাণ দাঙি ধৰিব লাগিব । সময়ত দৰকাৰ হ’লে, “Deception Detection Test” বা ‘Polygraph Test’ কৰিবলৈ মই আহ্বান জনাম । যাতে সঁচা-মিচাৰ প্ৰমাণ পোৱা যায় ।

বিজেপিৰ শ্ৰুতলিপি মতে, বিধায়ক কৰিমুদ্দিনে মোৰ বিৰুদ্ধে অনা অভিযোগৰ সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া – দেবব্ৰত শইকীয়া, বিৰোধী দলপতি, অসম বিধানসভা ।

Exit mobile version