China : পাঁচ মহলীয়া অট্টালিকাৰ পৰা পৰিল এটি শিশু !

কথমপি প্ৰাণ ৰক্ষা পৰিল এজন ব্যক্তিৰ তৎপৰতাত

medium 2022 07 23 86da448066

পাঁচ মহলীয়া অট্টালিকাৰ খিৰিকীৰ পৰা পৰিল এটি শিশু । দেখিলে গা শিয়ঁৰি উঠে । অৱশ্যে তৎক্ষণাৎ এজন লোক দৌৰি আহি শিশুটিক ধৰে । কথমপি ৰক্ষা পৰিল শিশুটি । সম্প্ৰতি এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । চীনৰ ঝেজিয়াং প্রদেশৰ শুংজিয়াঙৰ ঘটনা ।

ভিডিঅ’টো প্রথম প’ষ্ট কৰে চীনৰ এজন চৰকাৰী কর্মচাৰীয়ে । প্রতিবেদন লিখা পর্যন্ত ভিডিঅ’টো ৬৮ হেজাৰ লোকে দৰ্শন কৰিছে । তথ্য অনুসৰি, উদ্ধাৰকাৰী লোকজনৰ নাম শ্বেন ডং । পথত নিজৰ গাড়ী পার্ক কৰি থাকোতে দেখে, অট্টালিকাৰ ওপৰৰ পৰা এটি শিশু পৰি আছে । প্রথমে পাঁচ মহলৰ এটা ইস্পাতৰ চালত আবদ্ধ হৈ পৰে শিশুটি । পাছত পুনৰ তাৰ পৰা ছিটিকি মাটিৰ দিশে পৰে শিশুটি ।

তেতিয়াই দৌৰি যায় ডং । তেওঁক দেখি এগৰাকী মহিলাও দৌৰি আহে । শেষ পর্যন্ত শিশুটিক ডঙে ধৰি লয় । সামাজিক মাধ্যমত ‘হিৰ’ৰ সন্মান পাইছে দঙে । শিশুটি ভৰি আৰু হাওঁফাওঁত আঘাতপ্ৰাপ্ত হৈছে । সম্প্ৰতি হাস্পাতালত চিকিৎসাধীন হৈ থাকিলেও সুস্থ হৈ আছে ।

Exit mobile version