Monkeypox : কেৰালাৰ পাছত দিল্লীত মাংকিপক্স ! দেশত ৰোগী বাঢ়ি চাৰি

monkeypox7 1653563057

মাংকিপক্সে ক্রমশ উদ্বেগ বঢ়াইছে ভাৰতত । দেশত আন এজন মাংকি ভাইৰাছত আক্রান্তৰ সন্ধান পোৱা গৈছে । এইবাৰ দিল্লীত সংক্রমিত হ’ল এজন । ইয়াকে লৈ দেশচ এই পর্যন্ত চাৰিজনৰ শৰীৰত এই ভাইৰাছ পোৱা গ’ল ।

অৱশ্যে তাৎপর্যপূর্ণ হ’ল, সংক্রমিত লোকজনৰ বিদেশ ভ্ৰমণৰ কোনো যোগসূত্ৰ নাই । পূৰ্বে কেৰালাত যি তিনিজন মাংকিপক্সত সংক্রমিত হৈছিল, তেওঁলোক সকলোৱে বিদেশৰ পৰা উভতিছিল । বিদেশত নোযোৱাকৈও দিল্লীৰ ব্যক্তিজন যিদৰে মাংকিপক্সত সংক্রমিত হ’ল, ফলত উদ্বেগ বৃদ্ধি পাইছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞ মহলৰ একাংশ‌ই ।

সংবাদ সংস্থা পিটিআই সূত্রে জানিব পৰা গৈছে, সম্প্রতি পশ্চিম দিল্লীৰ বাসিন্দা এই সংক্রমিত ব্যক্তিজন মানালিত এটা পার্টিত যোগ দিছিল । তেওঁৰ শৰীৰত ভাইৰাছৰ উপসর্গ থকাত তিনি দিন পূৰ্বে তেওঁক মৌলানা আজাদ মেডিকেল কলেজ হাস্পাতালচ ভর্তি কৰোৱা হয় । তেওঁৰ নমুনা প্ৰেৰণ কৰা হৈছিল পুনেৰ গৱেষণাগাৰত । সেই ৰিপ’র্ট পজিটিভ আহিছে ।

উল্লেখ্য, দেশত কেৰালাতেই প্রথম মাংকিপক্সত আক্রান্তৰ সন্ধান পোৱা যায় । প্রথম সংক্রমিত হোৱা ব্যক্তিজন, সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা উভতিছিল । উপসর্গ দেখাৰ পাছত তেওঁৰ নমুনা প্ৰেৰণ কৰা হৈছিল পুনেৰ গৱেষণাগাৰত । তাতেই ৰিপ’র্ট পজিটিভ আহে । ব্যক্তিজন বিদেশত এজন মাংকিপক্স আক্রান্তৰ সংস্পর্শত আহিছিল । সেয়ে সংক্রমণ ঘটিছে বুলি জানিব পৰা গৈছে ।

ইয়াৰ পাছত, ডুবাইৰ পৰা উভতি অহা ৩১ বছৰ বয়সৰ কেৰালাৰ এজন যুৱক এই ভাইৰাছত সংক্রমিত হয় । দেশত মাংকিপক্সত আক্রান্ত তৃতীয় ব্যক্তিও কেৰালাৰ বাসিন্দা । যোৱা ছয় জুলাইত সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা মালাপ্পুৰমত উভতে তেওঁ । শনিবাৰে মাংকিপক্স সংক্রমণক সমগ্ৰ বিশ্বত জৰুৰী অৱস্থা ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই (হু) ।

Exit mobile version