Punjab : ভৰি নাই, দুহাতৰ বলতেই ১৫ হেজাৰ ফুট উঠিল পঞ্জাৱৰ ভগৱান !

bhawan singh hemkund

দুখন ভৰিও নাই ! দুহাততেই ভৰ কৰি ১৫ হেজাৰ ফুট উখ পাহাৰ বগালে পঞ্জাৱৰ ভগৱান সিঙে । তেওঁৰ গন্তব্যস্থল আছিল উত্তৰাখণ্ডৰ হেমকুণ্ড । শনিবাৰে হেমকুণ্ড যাত্ৰা কৰে তেওঁ ।

সুস্থ-সবল লোকেই পাহাৰ বগাওঁতে ফোপাই যায়, কিন্তু ভগৱানে দুহাতৰ বলতেই এই উচ্চতাত উঠিছে । ৪০ বছৰীয়া ভগৱান লুধিয়ানাৰ বাসিন্দা । যোৱা ১৯ জুলাইত হেমকুণ্ড উদ্দেশ্যি ৰাওনা হয় । তেওঁৰ এই আত্মবিশ্বাসক কুর্নিশ জনাইছে অনেকেই ।

ভগৱানে জনাইছে, তেওঁ অন্য সুস্থ-সবল মানুহৰ দৰেই আছিল । কিন্তু কিছু বছৰ আগতে ৰেল দুর্ঘটনাত তেওঁৰ ভৰি কটা যায় । অৱশ্যে প্রাণ ৰক্ষা পৰে । ভগৱানে এক সংবাদমাধ্যমক জনাইছে, শাৰীৰিক প্রতিবন্ধকতাৰ বাবে তেওঁক পৰিয়ালবৰ্গই অকলে এৰিব বিচৰা নাছিল । কিন্তু তেঁৱো আকোঁৰগোজ । হেমকুণ্ড গ’লে অকলেই যাব সিদ্ধান্ত লয় । অবশেষত তেওঁৰ জিদত হাৰ মানিবলগীয়া হয় পৰিয়ালে ।

ভগৱানে কয়, “এই ভ্ৰমণৰ সময়ত কেতিয়াও অনুভৱ হোৱা নাছিল যে, মোৰ ভৰি নাই । মনৰ শক্তি আৰু আত্মবিশ্বাসেই মোক ইমান দূৰ টানি লৈ আহিছে ।”

Exit mobile version