Russia Ukraine war : শস্য-চুক্তিৰ পাছতেই বন্দৰত ক্ষেপণাস্ত্র আক্ৰমণ

6fbdnqvo russia ukraine

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ফলত খাদ্যাভাৱত ভুগিছে অর্ধেক বিশ্ব । ইউক্রেইনক কোৱা হয় ইউৰোপৰ শস্য ভাণ্ডাৰ । এই দেশৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তত ৰপ্তানি হয় শস্যদানা । বিশেষকৈ গম । ফেব্রুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পৰা এই পর্যন্ত, গম ৰপ্তানি বন্ধ হৈ আছে । বিপদত পৰিছে বহু দেশ, বিশেষকৈ আফ্রিকা । ৰাষ্ট্ৰসংঘৰ দৰবাৰত অৱশেষত চুক্তিবদ্ধ হৈছে ইউক্রেইন আৰু ৰাছিয়া । কৃষ্ণসাগৰেৰে পুনৰ শস্যদানা আৰু খাদ্যপণ্যবাহী জাহাজ চলাচল আৰম্ভ কৰিব ইউক্রেইনে । ৰাছিয়ায়েও শস্য আৰু সাৰ ৰপ্তানি পুনৰ আৰম্ভ কৰিব । কালি ইস্তানবুলত ৰাষ্ট্ৰসংঘৰ মহাসচিব আন্তোনিয়ো গুতেরেসের উপস্থিতিতে চুক্তিপত্রত স্বাক্ষৰ কৰিছে দুই দেশে । ইয়াৰ পাছতে আজি কৃষ্ণসাগৰত বিস্ফোৰণ !

কালিৰ চুক্তি স্বাক্ষৰক লৈ উচ্ছ্বাস প্রকাশ কৰিছিল অনেকেই । কিন্তু যিটোৰ ভয় আছিল, সেইটোৱে হ’ল । ইউক্রেইনৰ বন্দৰ চহৰ ওডেছাত আজি পুৱা পৰিল দুটা ৰুছ ক্ষেপণাস্ত্র । শুকুৰবাৰৰ চুক্তিপত্রত ৰাছিয়াই প্রতিশ্রুতি দিছিল, তেওঁলোকে কোনো বন্দৰত আক্ৰমণ নকৰে । বিশেষকৈ কোনো জাহাজ ভ্ৰমণ আৰম্ভ কৰাৰ আগতে । আজিৰ ঘটনাত সেয়ে স্তম্ভিত সকলো ।

ইউক্রেইন সেনাৰ মুখপাত্র‌ই কয়, “উল্লেখযোগ্য একো ক্ষতি হোৱা নাই । বন্দৰৰ কোনো ক্ষয়ক্ষতি হোৱা নাই । অৱশ্যে অতি শক্তিশালী ৰকেট নিক্ষেপ কৰা হৈছিল । অতি ব্যয়সাপেক্ষ আক্ৰমণ । এই ধৰণৰ অত্যাধুনিক ৰকেট কমে ব্যৱহাৰ কৰা হয়, কাৰণ ব্যয় অধিক । তেওঁলোকৰ লক্ষ্য অব্যর্থ হয় । ইয়াৰ পৰা এটা বিষয় স্পষ্ট, ইচ্ছাকৃতভাৱে আক্ৰমণ কৰা হৈছে আজি ।”

দুটা কেলিবৰ ক্ষেপণাস্ত্র আহি পৰে বন্দৰত । আৰু দুটা নিক্ষেপ কৰা হৈছিল । এয়াৰ ডিফেন্স ছিষ্টেমত সেই দুটা আবদ্ধ হৈ যায় । বন্দৰৰ একাংশত জুই লাগি গৈছিল । অৱশ্যে ইয়াৰ বিশেষ ক্ষতি হোৱা নাই । কোনো হতাহতৰ খবৰো নাই ।

স্থানীয় ইউক্রেইনীয় এমপি অ’লেস্কি হনচাৰেংকোৱে কয়, “এখন হাতে চুক্তিপত্রত স্বাক্ষৰ কৰিছে, আনখন হাতে ক্ষেপণাস্ত্র এৰিছে ।” ইউৰোপীয় ইউনিয়নৰ বিদেশ বিষয়ক বিভাগৰ প্রধান জোছেফ বোৰেলে কয়, “আন্তর্জাতিক আইনক যে ৰাছিয়াই একেবাৰেই গুৰুত্ব নিদিয়ে, আজিৰ আক্ৰমণত সেয়া স্পষ্ট ।” তেওঁ টুইট কৰে, “কালি ইস্তানবুলত চুক্তিপত্রত স্বাক্ষৰৰ পাছত আজি এই ঘটনা, ভাবিব নোৱাৰি । শস্যদানা ৰপ্তানিৰ বাবে ওডেছাৰ বন্দৰ অতি গুৰুত্বপূর্ণ ।”

গুতেৰেছেই শস্য ৰপ্তানিৰ বাবে আবেদন জনাইছিল ইউক্রেইনক । তেঁৱেই বুজাইছিল, এই যুদ্ধৰ ফলত বিশ্বৰ বিভিন্ন প্রান্তত অন্তত পাঁচ কোটি লোক ভোকত আছে । খাদ্যসামগ্রীৰ দাম আকাশলংঘী । আজিৰ ঘটনাত ৰাছিয়াক কঠোৰ সমালোচনা কৰিছে গুতেৰেছে ।

Exit mobile version