COVID-19 : ক’ভিড আপডেট

covid test 1658727675

পাঁচ দিন ধৰি দেশজুৰি দৈনিক সংক্রমণৰ সংখ্যা ২০ হেজাৰৰ ওপৰত থাকিলেও বিগত ২৪ ঘণ্টাত প্ৰায় ১৭ হেজাৰলৈ কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা কমি হ’ল ১৬,৮৬৬ । দেওবাৰে এই সংখ্যা আছিল ২০,২৭৯ ।

ৰাজ্যভিত্তিক দেশত দৈনিক সংক্রমণৰ তালিকাৰ শীর্ষত আছে কেৰালা আৰু মহাৰাষ্ট্র‌ । বিগত ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ২,০২১ । মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে ২,০১৫ জন । ইয়াৰ পাছতে আছে তামিলনাডু (১,৯৪৫), পশ্চিমবংগ (১,৮১৭), কর্নাটক (১,১৫১) আৰু ওড়িছা (১,০১১) । লক্ষদ্বীপত এই পর্যন্ত ক’ভিডত দৈনিক আক্রান্তল সংখ্যা শূন্য ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বৃদ্ধি পাই হ’ল ৭.০৩ শতাংশ । দেওবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৫.২৯ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক”ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৪১ জনৰ । ইয়াৰ ভিতৰত কেৰালত মৃতৰ সংখ্যা সর্বোচ্চ । বিগত ২৪ ঘণ্টাত কেৰালাতেই ১৩ জনৰপ কৰ’নাত আক্রান্ত হৈ মৃত্যু হৈছে । তদুপৰি পশ্চিমবংগ আৰু মহাৰাষ্ট্রত ছয়জন, পঞ্জাৱত চাৰিজন, দিল্লী আৰু ছিকিমত দুজন আৰু উত্তৰ প্রদেশ, ছত্তীছগঢ়, ওড়িছা, বিহাৰ, অসম, মণিপুৰ, নগালেণ্ড আৰু ত্রিপুৰাত ক’ভিডত আক্রান্ত হৈ এজনকৈ ব্যক্তিৰ মৃত্যু হৈছে । দেওবাৰে এই সংখ্যা আছিল ৩৬ ।

পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৮ হেজাৰ ৬৩৭ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ১৮,১৪৮ জন সুস্থ হৈছে । দেশ জুৰি সুস্থ হৈছে চাৰি কোটি ৩২ লাখ ২৮ হেজাৰ ৬৭০ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৪৬ শতাংশ । এই পর্যন্ত দেশত ২০২ কোটি ১৭ লাখ ৬৬ হেজাৰ ৬১৫ টিকাকৰণ হৈছে ।

Exit mobile version