Draupadi Murmu : ‘দ্রৌপদী’ নাম দিছিল শিক্ষকে, প্ৰকৃত নাম কি ? জনালে দেশৰ নতুন ৰাষ্ট্রপতিয়ে

FYgP5hNVEAIRB73

‘মহাভাৰত’-ৰ দ্রৌপদীৰ নামেৰেই তেওঁৰ নামকৰণ কৰা হৈছিল । প্রথমে তেওঁৰ নাম দ্রৌপদী নাছিল । ওড়িছাৰ এটা পত্রিকাক দিয়া সাক্ষাৎকাৰত এই কথা জনায় দেশৰ নতুন ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে ।

এই সাক্ষাৎকাৰত দ্রৌপদীয়ে জনায়, প্রথমে তেওঁৰ নাম ৰখা হৈছিল পুটি । পাছত এই চাওতালি নাম সলনি কৰি বিদ্যালয়ৰ এজন শিক্ষকে তেওঁৰ নাম ৰাখে দ্রৌপদী । ৰাষ্ট্রপতিয়ে কয়, “দ্রৌপদী মোৰ প্ৰকৃত নাম নহয় । মোৰ এজন শিক্ষকে এই নাম দিছিল ।”

এই প্রসংগত ৰাষ্ট্ৰপতি মুৰ্মুৱে আৰু কয়, “মোৰ পূৰ্বৰ নাম পছন্দ নাছিল শিক্ষকৰ । সেয়ে নাম সলনি কৰি দিয়ে ।” পৰিয়ালত সদ্যোজাতৰ নামকৰণ কেনেদৰে কৰা হয়, সেই কথাও সকলোকে জনায় ৰাষ্ট্রপতিয়ে । তেওঁ কয়, “পৰিয়ালত ছোৱালী হ’লে, আইতাৰ নামত তেওঁৰ নামকৰণ কৰা হয় । আৰু ল’ৰা হ’লে ককাৰ নামত ।” বিয়াৰ আগতে দ্রৌপদীৰ উপাধি আছিল টুডু । স্কুল-কলেজতো তেওঁ এই উপাধি ব্যৱহাৰ কৰিছিল । বিয়াৰ পাছত উপাধি সলনি কৰি হয় মুর্মু ।

সোমবাৰে ৰাষ্ট্রপতি হিচাপে প্রথম ভাষণ দিয়ে মুৰ্মুৱে । দেশৰ সর্বোচ্চ সাংবিধানিক পদত নির্বাচিত হোৱা মুৰ্মু দেশৰ সর্বকনিষ্ঠ ৰাষ্ট্রপতি । নৱ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘”সকলোৰে আশীর্বাদত ম‌ই দেশৰ ৰাষ্ট্রপতি হৈছো । ম‌ই এখন প্রগতিশীল দেশৰ ৰাষ্ট্রপতি হৈছো । নিজকে খুব সৌভাগ্যৱতী যেন লাগিছে ।”

তেওঁ আৰু কয়, “ম‌ইয়ে দেশৰ ৰাষ্ট্ৰপতি নির্বাচিত হোৱা প্রথম ব্যক্তি যি ভাৰতৰ স্বাধীনতাৰ পাছত জন্মগ্রহণ কৰিছে । ভাৰতৰ নাগৰিকসকলক মোৰ আবেদন, স্বাধীনতা সংগ্রামীসকলৰ প্রত্যাশা পূৰণ কৰিবলৈ মোৰ লগতে সকলোৱে একেলগে চেষ্টা কৰিব লাগিব ।”

তেওঁ কয়, “স্বাধীনতাৰ ৫০ বছৰত মোৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল । আৰু স্বাধীনতাৰ ৭৫ বছৰত ম‌ই ৰাষ্ট্রপতি হিচাপে দায়িত্ব পাইছো । দেশৰ ৰাষ্ট্রপতি হোৱা মোৰ ব্যক্তিগত প্রাপ্তি নহয় । এইটো ভাৰতৰ প্রত্যেক দৰিদ্র মানুহৰ প্রাপ্তি । মোৰ ৰাষ্ট্রপতি হোৱাই প্রমাণ কৰে যে, ভাৰতৰ দৰিদ্র মানুহে কেৱল সপোনে নেদেখে, সেই সপোন পূৰণো কৰিব পাৰে ।”

Exit mobile version