Mehbooba Mufti : শত্রুপক্ষৰ অঞ্চল দখল কৰিছে নেকি ? : মেহবুবা মুফতি

জোৰ কৰি জনসাধাৰণক জাতীয় পতাকা কিনিবলৈ বাধ্য কৰিছে জম্মু-কাশ্মীৰ প্রশাসনে । স্বাধীনতা দিৱসৰ পূৰ্বে ‘হৰ ঘৰ ত্ৰিৰংগা’ প্রকল্পক কটাক্ষ কৰি এই মন্তব্য কৰিলে জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পিডিপি নেত্রী মেহবুবা মুফতিয়ে ।

অহা ১৩ৰ পৰা ১৫ আগষ্ট পৰ্যন্ত উপত্যকাৰ বাসিন্দাসকলে যাতে ঘৰত জাতীয় পতাকা উত্তোলন কৰে তাৰ বাবে আৰম্ভ হয় ‘হৰ ঘৰ ত্ৰিৰংগা’ প্রকল্প । কিন্তু মেহবুবাৰ অভিযোগ, ২০ টকাথ বিনিময়ত জনসাধাৰণক এক প্রকাৰ বাধ্য কৰা হৈছে জাতীয় পতাকা কিনিবলৈ । সম্প্রতি সামাজিক মাধ্যমত এটা ভিডিঅ’ প্রকাশ কৰিছে মেহবুবাই । তাত তেওঁ জনায়, অনন্তনাগ জিলাত লাউডস্পিকাৰত প্রচাৰ কৰি কৰি ২০ টকাত বিক্রী হৈছে জাতীয় পতাকা ।

টুইটাৰত মুফতিয়ে লিখে, ‘জম্মু-কাশ্মীৰ প্রশাসকে যিদৰে শিক্ষাৰ্থী, দোকানী আৰু বৃত্তিধাৰীসকলক জাতীয় পতাকা উত্তোলনৰ বাবে অর্থ প্রদান কৰিবলৈ বাধ্য কৰিছে, এনে লাগিছে কাশ্মীৰ যেন এটা শত্রুপক্ষৰ অঞ্চল । তাক দখল কৰিব লাগিব !’ তেওঁ আৰু লিখে, ‘দেশপ্রেম স্বাভাৱিকভাৱেই আহে আৰু সেয়া আৰোপ কৰিব নোৱাৰি ।’ জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রীয়ে এইটোও অভিযোগ কৰিছে যে, স্থানীয়সকলে এই প্রচাৰৰ অনুমতি নিদিলে তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ সকীয়নি দিয়া হৈছে ।

Exit mobile version