প্ৰতি লিটাৰ গাখীৰত চাৰি টকাকৈ বৃদ্ধি কৰিলে গো-পালকে

glass of milk pouring 87984584 593d45d33df78c537b632490

প্ৰতি লিটাৰ গাখীৰত চাৰি টকাকৈ মূল্য বৃদ্ধি কৰিলে গো-পালকসকলে । ফলত গাখীৰৰ লগতে মিঠাই আদিৰো মূল্যবৃদ্ধি নিশ্চিত হৈ পৰিল ।

উল্লেখ্য যে বৃহত্তৰ গুৱাহাটীত গো-পালক সন্থাই এক বাৰ্তাৰ জৰিয়তে প্ৰতি লিটাৰ গাখীৰত চাৰি টকাকৈ মূল্য বৃদ্ধিৰ কথা সদৰী কৰিছে । সম্প্ৰতি বিভিন্ন বিক্ৰেতা প্ৰতিষ্ঠান তথা হোটেল আদিত পালকসকলে ৫০টকা প্ৰতি লিটাৰ মূল্যত গাখীৰ যোগান ধৰি আহিছিল যদিও পহিলা আগষ্টৰ পৰা প্ৰতি লিটাৰ গাখীৰ ৫৪ টকাকৈ ক্ৰয় কৰিব লাগিব বুলি সদৰী কৰিছে ।

বৃহত্তৰ গো-পালক সন্থাৰ অন্তৰ্গত ১,০৪৯খন ফাৰ্মত এই নতুন নিৰিখ কাৰ্যকৰী হ’ব বুলি সদৰী কৰি সন্থাৰ কাৰিকৰী উপদেষ্টা ড° মৃদুপৱন বৈশ্য‌ই ‘দৈনিক অগ্ৰদূত’ৰ আগত কয়, ‘পহিলা আগষ্টৰ পৰা প্ৰতি লিটাৰ গাখীৰত থলুৱা উৎপাদন মূল্য চাৰি টকাকৈ বৃদ্ধি পাব । অৰ্থাৎ বৰ্তমান ৫০ টকা আছিল আৰু পহিলা আগষ্টৰ পৰা প্ৰতি লিটাৰত ৫৪ টকা হ’ব ।

পশুখাদ্যৰ মূল্যবৃদ্ধি তথা ঘাঁহ-খেৰৰ দাম বৃদ্ধিৰ ফলতে গো-পালকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়, ‘সম্প্ৰতি এজন পালকে প্ৰতি লিটাৰ গাখীৰ উৎপাদন কৰিবলৈ ৫৯.৫৮ টকা ব্যয় কৰিবলগীয়া হৈছে । সংশ্লিষ্ট গৰাকী বা পৰিয়ালৰ সদস্য‌ই পালকৰ কাম কৰাৰ বাবেহে পালিসকল কোনোমতে চলি আছে ।

যোৱা বছৰ ৪০ কিলোগ্ৰাম ওজনৰ এবস্তা চাপৰৰ দাম আছিল নশ টকা আৰু আজিৰ দিনত ইয়াৰ মূল্য ১৩শ টকাৰ অধিক হ’ল । ১০ কিলোগ্ৰাম ওজনৰ এটা খেৰৰ মুঠা, যিটোৰ দাম ৮০-৮৫ টকা আছিল, এতিয়া ১৪০-১৬০ টকাৰ অধিক হ’ল ।’ ফলত গো-পালকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’ল আৰু এই ক্ষেত্ৰত বজাৰত গাখীৰৰ দাম বৃদ্ধি হ’ব নে নাই সংশ্লিষ্টসকলেহে ক’ব পাৰিব বুলি কয় ।

Exit mobile version