ব্ৰিটিছ কলম্বিয়াত গণ গুলীচালনা, নিহত একাধিক

2022 7largeimg 1374685541

কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত সোমবাৰে পুৱা সংঘটিত গণ গুলীচালনাৰ ফলত কে’বাজনো লোকৰ মৃত্যু হয় আৰু এজন লোক জিম্মাত আছে বুলি আৰক্ষীয়ে জনায়।

ইয়াৰ পূৰ্বে কৰ্তৃপক্ষই লেংলি চহৰত একাধিক গুলীচালনাৰ বাবে জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰিছিল আৰু বাসিন্দাসকলক সজাগ আৰু ঘটনা সংঘটিত হোৱা অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ কয়।

ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এই কাণ্ডত “কে’বাজনো ভুক্তভোগী” আছে । মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়া মতে, ইয়াৰে কিমানজন আহত হৈছে আৰু কিমানজনৰ মৃত্যু হৈছে সেই তথ্য উপলব্ধ নহয়। আন এগৰাকী আৰক্ষী মুখপাত্ৰই কয় যে লোয়াৰ মেইনলেণ্ডৰ বৃহৎ অপৰাধ আৰু সংহত হত্যাকাণ্ডৰ তদন্তকাৰী দলৰ তদন্তকাৰীক অনা হৈছে।

ভেংকুৱাৰৰ উপকণ্ঠ অঞ্চল লেংলিৰ আৰক্ষীয়ে কয় যে তেওঁলোকে কেচিনোৰ পাৰ্কিং লট আৰু বাছ ষ্টপকে ধৰি অঞ্চলসমূহত জনসাধাৰণৰ ক ঘৰৰ ভিতৰত থাকিবলৈ কয় । সতৰ্কবাণীত কোৱা হৈছে যে সন্দেহযুক্ত লোকজনক অভাৰঅল আৰু কেমফ্লেজ টি-চাৰ্ট পিন্ধা বগা ৰঙৰ লোক বুলি অভিহিত কৰা হৈছে।

গুলীচালনাৰ স্থানৰ এটাৰ ওচৰৰ এটা খাৱৈত আৰক্ষীৰ জৰুৰীকালীন সঁহাৰি দলে ব্যৱহাৰ কৰা দুখন ক’লা ৰঙৰ এছ ইউ ভি বাহনৰ গ্লাছত গুলীৰ ফুটা দেখা যায়।

Exit mobile version