Droupadi Murmu : নৱ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক অভিনন্দন শ্বি জিনপিঙৰ

ৰাছিয়াৰ পাছত এইবাৰ চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে অভিনন্দন বার্তা পঠালে ভাৰতৰ নতুন ৰাষ্ট্রপতি দ্রৌপদী মুর্মুক ।

পূৱ লাদাখত প্রকৃত নিয়ন্ত্রণৰেখা সংলগ্ন অঞ্চলত বিগত দুবছৰ ধৰি মতভেদ চলি আছে ভাৰত আৰু চীনৰ মাজত । সেনা প্ৰত্যাহাৰ কৰাৰ কোনো ইংগিত দিয়া নাই বেইজিঙে । এই পৰিপ্রেক্ষিতত আজি তাৎপর্যপূর্ণভাৱে জিনপিঙে তেওঁৰ বার্তাত কয়, ‘‘দুই দেশৰ মাজত পাৰস্পৰিক ৰাজনৈতিক আস্থা বৃদ্ধি কৰিবলৈ, প্রত্যক্ষ সহযোগিতা স্থাপন কৰিবলৈ আৰু মতপার্থক্য কমাবলৈ ম‌ই ভাৰতৰ ৰাষ্ট্রপতিৰ স’তে সন্মিলিতভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ প্রস্তুত ।’’

কূটনৈতিক পক্ষৰ বক্তব্য, ভাৰতৰ সামৰিক বাহিনীৰ সর্বাধিনায়ক ৰাষ্ট্রপতি । তেওঁৰ স’তে কাম কৰাৰ প্রস্তাৱ দি কোনো বিশেষ বার্তা দিলে নেকি চীনৰ সামৰিক বাহিনীৰ সর্বাধিনায়ক শ্বি জিনপিঙে ? তেওঁ আৰু কয়, ভাৰত আৰু চীন দুখন গুৰুত্বপূর্ণ ৰাষ্ট্র । এই অঞ্চলৰ আৰু সমগ্ৰ বিশ্বৰ শান্তি, উন্নয়ন আৰু স্থিতিশীলতা বজায় ৰাখিবলৈ দুই দেশৰ ভূমিকা অপৰিসীম । এই দুই দেশৰ বিকাশৰ স’তে তেওঁলোকৰ মৌলিক স্বার্থ জড়িত । প্ৰয়োজন ইটোৱে সিটোৰ প্রতি বিশ্বাসযোগ্য সম্পর্ক স্থাপন কৰাৰ । নতুন ৰাষ্ট্রপতিক ‌অভিনন্দন জনাইছে বাংলাদেশৰ ৰাষ্ট্রপতি মোহাম্মদ আব্দুল হামিদেও ।

Exit mobile version