Lucknow : কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি থাকোঁতেই আইএছচি-ত ৯৭.৭৫ শতাংশ নম্বৰ লাভ কৰি চমক দিলে কিশোৰীয়ে

3cT1wj

এয়া এগৰাকী কিশোৰীয়ে অসাধ্য সাধন কৰা কাহিনী ! লক্ষ্ণৌৰ প্রমিতা তিৱাৰিৰ শৰীৰত বাহৰ পাতিছিল কৰ্কট ৰোগে । কিন্তু মাৰণৰোগক প্ৰত্যাহ্বান দি আইএছচি পৰীক্ষাত ৯৭.৭৫ শতাংশ নম্বৰ লাভ কৰি চমক দিলে ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে । যোৱা আগষ্টত একিউট মাইনৰ লিউকোমিয়া ধৰা পৰে প্রমিতাৰ । তেওঁৰ পৰিয়ালবৰ্গৰ অনেকেই ভাবিছিল যে, তেওঁৰ ভৱিষ্যৎ অন্ধকাৰ । কিন্তু হাৰ নামানে শিক্ষাৰ্থীগৰাকীয়ে । বৰঞ্চ প্ৰবল ইচ্ছা শক্তিৰে যুঁজি যায় ।

পৰিয়ালবৰ্গ সূত্রে খবৰ, কৰ্কট ৰোগ ধৰা পৰাৰ পাছত স্বাভাৱিকভাৱেই ভাঙি পৰিছিল প্রমিতা । সেই সময়ত তেওঁৰ পিতৃ উৎকর্ষ তিৱাৰি আৰু মাতৃ ৰশ্মিয়ে তেওঁক সাহস দিছিল । ভগৱানৰ আশীর্বাদত সকলো আগৰ জৰে হৈ যাব — পিতৃ-মাতৃৰ পৰা পোৱা এই ভৰসাই সাহস দিছিল প্রমিতাক ।

তথ্য অনুসৰি, প্রথমে লক্ষ্ণৌৰ এখন হাস্পাতালত ভর্তি কৰোৱা হৈছিল প্রমিতাক । পাছত কেম’থেৰাপিৰ বাবে গুৰুগ্রামৰ মাল্টি-স্পেচেলিটি হাস্পাতালত ভর্তি কৰোৱা হয় তেওঁক । জানুৱাৰীত তেওঁৰ অস্থি-মজ্জা প্রতিস্থাপন হয় । তেওঁৰ পিতৃয়ে কয়, ‘‘ৰোগ এতিয়া নিয়ন্ত্রণত । অৱশ্যে সম্পূৰ্ণ সুস্থ হ’বলৈ আৰু পাঁচ বছৰ সময় লাগিব ।’’

হাস্পাতালত চিকিৎসা চলাৰ সময়তো পূৰ্ণোদ্যমে পঢ়া-শুনা চলাই গৈছে প্রমিতাই । হাস্পাতালৰ বিচনাতে প্রথম আৰু দ্বিতীয় টার্মৰ পৰীক্ষা দিছে তেঁৱো । ইয়াৰ বাবে তেওঁৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও সহায় কৰিছে । প্রমিতাৰ বাবে অনলাইন পাঠদানৰ ব্যৱস্থাও কৰা হৈছিল ।

হাস্পাতালত কটোৱা কঠিন দিনবোৰৰ কথা স্মৃতিচাৰণ কৰি প্রমিতাই কয়, ‘‘কিতাপ লৈ গৈছিলো হাস্পাতালত । কেতিয়াও পঢ়িব লাগে বুলি জোৰ কৰি পঢ়া নাই । কিন্তু যেতিয়া পঢ়িছিলো, মন পুতি পঢ়িছিলো ।’’

প্রমিতাক সহায় কৰিছে তেওঁৰ বন্ধু অপর্ণা ত্রিপাঠীয়েও । নোটছ দিয়াৰ লগতে ভিডিঅ’ কলত নিতৌ প্রমিতাক ভৰসা জোগাইছিল অপর্ণাই । আনকি দুই বান্ধৱীয়ে আলোচনাও কৰিছিল ।

আগন্তুক সময়ত চিকিৎসক হ’ব বিচাৰে প্রমিতাই । হাস্পাতালচ থকাকালীন চিকিৎসকসকলৰ পৰা এই বিষয়ত পৰামর্শও লৈছে তেওঁ ।

Exit mobile version