Monkeypox : মাংকিপক্স ৰোধ কৰিবলৈ স্মলপক্সৰ টিকাক অনুমোদন ইইউ-ৰ

মাংকিপক্স সংক্রমণ ক্রমশ বাঢ়িছে । সৰ্বাধিক বিপজ্জনক পৰিস্থিতি আফ্রিকাৰ । ইউৰোপতো এই ৰোগ বিয়পিছে । কিন্তু এই মহাদেশত এই পর্যন্ত প্রাণহানিৰ খবৰ নাই । ৰোগৰ ভয়াৱহতাও তুলনাত কম । কিন্তু আফ্রিকাৰ পৰিস্থিতিয়ে চিন্তা বঢ়াইছে সমগ্ৰ বিশ্বৰ । এনে পৰিস্থিতিত মাংকিপক্স সংক্রমণ ৰোধ কৰিবলৈ আজি স্মলপক্সৰ টিকা ব্যৱহাৰৰ অনুমতি দিলে ইউৰোপীয় আয়োগে । ডেনমার্কৰ স্মলপক্সৰ টিকাপ্রস্তুতকাৰী সংস্থাই জনাইছে, বিশ্ব স্বাস্থ্য সংস্থাই (হু) ‘জৰুৰী অৱস্থা’ ঘোষণা কৰাৰ পাছতেই এই সিদ্ধান্ত লোৱা হৈছে ।

ইমাভানেক্স । বজাৰত স্মলপক্সৰ এই টিকা বিক্রীৰ অনুজ্ঞাপত্ৰ দিছে ইউৰোপীয় আয়োগে । তেওঁলোকৰ পৰ্যবেক্ষক সংস্থা ‘বাভেৰিয়ান নর্ডিক’এ এটা বিবৃতি দি জনাইছে, মাংকিপক্সৰ পৰা নিৰাপত্তা দিবলৈ এই ব্যৱস্থা কৰা হৈছে । অৱশ্যে এই অনুমতি কেৱল ইউৰোপীয় ইউনিয়নৰ সদস্য দেশ আৰু আইলেণ্ড, লিখটেনষ্টাইন আৰু নৰৱেৰ বাবে ।

হু-ৰ প্ৰতিবেদন অনুযায়ী, ৭২খন দেশত প্ৰায় ১৬ হেজাৰ লোক মাংকিপক্সত আক্রান্ত । শনিবাৰে ইয়াক সমগ্ৰ বিশ্বৰ বাবে বিপর্যয় বুলি ঘোষণা কৰিছে হু-ৱে । সর্বোচ্চ সতর্কতা জাৰি কৰা হৈছে । এইটোও জনোৱা হৈছে যে, ৰোগৰ চৰিত্র অনুযায়ী, কোনো মাংকিপক্স সংক্রমিতৰ সংস্পৰ্শত আহিলে তেওঁৰ পৰা সংক্রমিত হ’ব পাৰে ।

স্মলপক্স প্রতিৰোধ কৰিবলৈ ২০১৩ৰ পৰা ইমাভানেক্স ব্যৱহাৰৰ অনুমোদন আছে ইউৰোপীয় ইউনিয়ন অন্তর্ভুক্ত দেশসমূহত । যিহেতু স্মলপক্স ভাইৰাছ আৰু মাংকিপক্স ভাইৰাছৰ চৰিত্র মিল আছে, সেৰে ইয়াক মাংকিপক্সৰো সম্ভাব্য প্রতিষেধক হিচাপে গণ্য কৰা হৈছে । অৱশ্যে স্মলপক্সতকৈ কম বিপজ্জনক আৰু কম সংক্রামক মাংকিপক্স । ১৯৮০ৰ পাছৰ পৰা স্মলপক্সৰ ঘটনা শুনিবলৈ পোৱা নাই । পৃথিৱীৰ পৰা এই ভাইৰাছ নিশ্চিহ্ন হৈ গৈছে বুলি ধৰি লোৱা হয় ।

মাংকিপক্সৰ প্রথম উপসর্গ হ’ল, জ্বৰ, মূৰৰ বিষ, পেশীত বিষ, পিঠি আৰু মেৰুদণ্ডত বিষ । লাহে লাহে মুখ, হাতৰ তলুৱাত, ভৰিৰ তলুৱাত ফুঁহা উলাব ধৰে । ক্রমে ঘাৰ দাগ হ’ব ধৰে । ইয়াৰ পাছত চোকোৰা উঠা । মে’ৰ আৰম্ভণিতে পশ্চিম আৰু চেন্ট্রেল আফ্রিকাৰ দেশসমূহত মাংকিপক্স সংক্রমণৰ কথা শোনা যায় । তাৰ পাছৰ পৰাই ক্রমে মহামাৰীৰ ৰূপ লয় এই ৰোগে ।

Exit mobile version