Rajya Sabha : মূল্যবৃদ্ধিৰ প্রতিবাদত সংসদ চৌহদত ৫০ ঘণ্টীয়া ধৰ্মঘট নিলম্বিত সাংসদৰ

1658917158cglcnFT5

নৰেন্দ্র মোদী চৰকাৰৰ ‘স্বৈৰাচাৰী আচৰণ’, মূল্যবৃদ্ধি আৰু খাদ্যপণ্যৰ জিএছটিৰ প্রতিবাদত সংসদ ভৱন চৌহদত গান্ধীমূর্তিৰ তলত ৫০ ঘণ্টীয়া অৱস্থান-ধৰ্মঘট আৰম্ভ কৰিলে নিলম্বিত ২০ জন ৰাজ্যসভা সাংসদে । বিক্ষোভকাৰী তৃণমূল সাংসদ দোলা সেনাই বুধবাৰে কয়, ‘‘শুকুৰবাৰে বিয়লি এক বজা পর্যন্ত আমাৰ অৱস্থান চলিব ।’’

লোকসভাৰ চাৰি নিলম্বিত কংগ্রেছ সাংসদেও গান্ধীমূর্তিৰ তলত ধৰ্মঘটত অংশগ্ৰহণ কৰে । বিৰোধী পক্ষৰ বিক্ষোভৰ ফলত বুধবাৰেও অধিবেশন স্থগিত হৈছে । কংগ্রেছ, তৃণমূলসহ বিৰোধী দলসমূহৰ অভিযোগ, বৰ্ষাকালীন অধিবেশনৰ আৰম্ভণিৰ পৰা মূল্যবৃদ্ধিৰ বিষয়ত আলোচনাৰ দাবী জনাইছে তেওঁলোকে । গেছৰ দাম বৃদ্ধি, খাদ্যপণ্যত জিএছটি বৃদ্ধিৰ বিৰুদ্ধে বিতর্ক বিচাৰি স্থগিত প্রস্তাৱৰ জাননিও দিছে । কিন্তু মোদী চৰকাৰ আলোচনাৰ বাবে প্ৰস্তুত নহয় ।

অধিবেশন চলাকালীন বিশৃংখলতা সৃষ্টিৰ অভিযোগত মঙলবাৰে ৰাজ্যসভাৰ পৰা ২০ জন সাংসদক নিলম্বন কৰা হয় । শুকুৰবাৰ পর্যন্ত নিলম্বন হোৱা সাংসদৰ তালিকাত আছে তৃণমূলৰ সাতজন — দোলা সেন, সুস্মিতা দেৱ, মৌচম বেনজিৰ নুৰ, শান্তনু সেন, আবীৰৰঞ্জন বিশ্বাস, নাদিমূল হক আৰু শান্তা ছেত্রী । নিলম্বিত সাংসদসকলৰ ভিতৰত আছে কানিমোঝিসহ ডিএমকেৰ ছয়, তেলেংগানা ৰাষ্ট্র সমিতিৰ তিনি, চিপিএমৰ দুই, চিপিআইৰ এজন আৰু আম আদমি পার্টিৰ এজন ।

পূৰ্বে সোমবাৰে অধিবেশন চলাকালীন অভব্যতাৰ অভিযোগত কংগ্রেছৰ চাৰি সাংসদ, তামিলনাডুৰ মনিকম টেগোৰ (বিৰুধনগৰ) আৰু জ্যোতিমণি সেন্নিমালাই আৰু কেৰালাৰ টিএন প্রতাপন (ত্রিশূৰ) আৰু ৰম্য হৰিদাস (কোঝিকোড়)-ক বৰ্ষাকালীন অধিবেশনৰ বাকী দিনবোৰৰ বাবে নিলম্বন কৰে অধ্যক্ষ ওম বিড়লাই । প্রসংগত, অহা ১২ আগষ্ট পর্যন্ত সংসদৰ বৰ্ষাকালীন অধিবেশন চলিব ।

Exit mobile version