Russia-Ukraine War : ইউক্রেইনৰ পৰা উভতা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে ভাৰতৰ বিশ্ববিদ্যালয়ত নামভর্তি কৰিব নোৱাৰিব : কেন্দ্র

5cc61m88 air india ukraine

ইউক্রেইনৰ পৰা উভতি অহা চিকিৎসা ‌বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ ভাৰতৰ কোনো বিশ্ববিদ্যালয়ত শিক্ষা সম্পন্ন কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা সম্প্ৰতি নাই । কেন্দ্রীয় চৰকাৰে জনাইছে, আইন অনুযায়ী, এনে কোনো সংস্থান তেওঁলোকৰ হাতত নাই ।

বিগত ২৪ ফেব্রুৱাৰীত, ৰাছিয়াৰ আক্ৰমণৰ পৰিপ্রেক্ষিতত ইউক্রেইনত যুদ্ধ আৰম্ভ হয় । ইয়াৰ ফলত ইউক্রেইনত পাঠ্যক্ৰম সমাপ্ত নৌহওঁতেই দেশত উভতি আহিবলগীয়া হয় হেজাৰ হেজাৰ শিক্ষাৰ্থীয়ে । তেওঁলোকৰ ভিতৰত অধিকাংশই ডাক্তৰ পঢ়ি আছিল । মাজভাগতে শিক্ষা বন্ধ হৈ যোৱাত তেওঁলোকৰ ভৱিষ্যতক লৈ ব্যাপক অনিশ্চয়তা সৃষ্টি হৈছে । পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে তেওঁলোকক বাংলাৰ বিভিন্ন মেডিকেল কলেজত নামভৰ্তি কৰাৰ আশ্বাস দিয়ে । অৱশ্যে তাৰ বাবে কেন্দ্রৰ অনুজ্ঞাপত্ৰৰ প্রয়োজন । কিন্তু শেষ খবৰ অনুযায়ী, তেনে কোনো সংস্থান কেন্দ্রৰ হাতত নাই বুলি স্পষ্টভাৱে জনাই দিয়া হৈছে ।

সম্প্রতি ৰাজ্যসভাৰ সাংসদ বিনয় বিশ্বমে কৰা এটা প্রশ্নৰ উত্তৰত কেন্দ্রীয় স্বাস্থ্য প্রতিমন্ত্রী ভাৰতী পাৱাৰে জনায়, যুদ্ধৰ বাবে প্রায় ২০ হেজাৰ শিক্ষাৰ্থী ইউক্রেইনৰ পৰা ভাৰতত উভতি আহিছে । তেওঁ আৰু জনায়, ইণ্ডিয়ান মেডিকেল কাউন্সিল এক্ট, ১৯৫৬ আৰু নেছনেল মেডিকেল কমিছন এক্ট, ২০১৯-ত বিদেশী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ভাৰতৰ মেডিকেল কলেজত নামভর্তি কৰোৱাৰ কোনো সংস্থান নাই । নেছনেল মেডিকেল কাউন্সিলে (এনএমচি) এই বিষয়ত কোনো শিক্ষাৰ্থীক বিদেশী বিশ্ববিদ্যালয়ৰ পৰা ভাৰতৰ কোনো মেডিকেল কলেজত ভর্তি কৰোৱাৰ বিষয়ত অনুমতি দিয়া নাই ।

অর্থাৎ, যুদ্ধৰ বাবে পাঠ্যক্ৰম স্থগিত কৰি দেশত উভতি অহা শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ শংকা অব্যাহত আছে । যুদ্ধকালীন পৰিস্থিতিত যিহেতু তেওঁলোকে শিক্ষা এৰি উভতি আহিবলগীয়া হৈছে, সেয়ে দেশৰ মেডিকেল কলেজবোৰত ভর্তি হ’বৰ বাবে এককালীন এটা সুবিধা দিয়া হ‌ওক । এই দাবীত ৰাজধানী দিল্লীত পাঁচ দিনৰ অন্নসন কাৰ্যসূচি পালন কৰিছে শিক্ষাৰ্থীসকলে । কিন্তু এই পর্যন্ত প্ৰাপ্ত খবৰ অনুসৰি, দেশৰ মেডিকেল কলেজবোৰত ইউক্রেইনৰ পৰা উভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ নামভর্তি কৰাৰ কোনো সম্ভাৱনা প্রায় নাই ।

Exit mobile version