জেহাদী সংগঠনৰ লগত জড়িত থকা অভিযোগত মৈৰাবাৰীত মাদ্ৰাছাৰ শিক্ষকক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ, সাতজন আটক

ম'বাইল ফোন, বেংক পাচবুক, পাৰ্ছপৰ্ট জব্দ

CamScanner 07 28 2022 19.35.09 1

মৰিগাঁও আৰক্ষীৰ এটা অভিযানকাৰী দলে জেহাদী সংগঠনৰ লগত জড়িত থকাৰ তথ্যৰ ভিত্তিত অভিযান চলাই মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়াপামস্থিত জমিৰুল হুদা নামৰ মাদ্ৰাছাৰ শিক্ষক মুফটি মোস্তাফাক গ্ৰেপ্তাৰ কৰা লগতে জেহাদী সংগঠনৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত সাতজন লোকক সোধ-পোচৰ বাবে আটক কৰা ঘটনাত সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে আজি সংবাদমেল অনুষ্ঠিত কৰি মৈৰাবাৰী অঞ্চলত জেহাদী কাৰ্যকালাপ চলি থকা তথ্য সদৰী কৰাৰ লগতে এক বিশেষ অভিযান চলাই জেহাদী সংগঠনৰ স’তে জড়িত এগৰাকী মাদ্ৰাছা শিক্ষকক গ্ৰেপ্তাৰ কৰে । তেওঁৰ লগতে জেহাদী কাৰ্যকালাপত জড়িত থকাৰ সন্দেহত সাতজন লোকক সোধ-পোচৰ বাবে আটক কৰা বুলি প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে মৈৰাবাৰী চহৰীয়া পামৰ জমিউল হুদা মাদ্রাছাৰ পৰা গ্ৰেপ্তাৰ কৰা মুফতি মুস্তাফাৰ আনচাৰউল্লা বাংলা টিমৰ লগত প্ৰত্যক্ষ যোগাযোগত থকাৰ উপৰিও ২০১৯ চনৰ পৰা আনচাৰউল্লা বাংলা টিমৰ সক্ৰিয় জেহাদী সদস্য আমিৰুদ্দিন আনচাৰী আৰু মামুন ৰছিদৰ পৰা বিত্তীয় লেনদেন কৰাৰ তথ্য লাভ কৰা বুলি প্ৰকাশ কৰিছে মৰিগাঁও আৰক্ষীয়ে । তদুপৰি উক্ত গ্ৰেপ্তাৰ হোৱা জেহাদী মুফটি মোস্তাফাই ২০১৯ত নিজৰ মাদ্ৰাছাত বৰ্হিৰাষ্ট্ৰৰ সন্দেহযুক্ত জেহাদী সংগঠনৰ সদস্যক আশ্ৰয় দিয়া বুলি বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে মৰিগাঁও জিলা আৰক্ষীয়ে ।

ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে মৈৰাবাৰী আৰক্ষী থানাত ১৫৬/২২ নং গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰখাৰ লগতে ধৃত জেহাদী সদস্য মুফটি মোস্তাফাৰ পাৰপত্ৰ, বেংক পাচবুক, ম’বাইল ফোন জব্দ কৰি অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে । আনহাতে, ধৰ্মীয় শিক্ষা প্ৰদানৰ নামত জেহাদী সংগঠনৰ কাৰ্যকলাপ চলোৱাৰ বাবেই স্থাপন কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা মৈৰাবাৰীৰ চহৰীয়াপামস্থিত জমিৰুল হুদা মাদ্ৰাছাখন ছীল কৰি দিছে মৰিগাঁও জিলা প্ৰশাসনে ।

উল্লেখযোগ্য যে ২০১৮ত স্থাপন কৰা জমিৰুল হুদা মাদ্ৰাছাখনত ২০১৯ৰ পৰাই বিদেশী পুঁজি বিনিয়োগ হোৱা তথ্য লাভ কৰিছে মৰিগাঁও আৰক্ষীয়ে । আনহাতে, মৈৰাবাৰীত ধৃত জেহাদিৰে স’তে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ সম্পৰ্ক থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । কিয়নো অল কায়দাৰ ভাৰতীয় সংস্কৰণ আনচাৰউল্লা বাংলা টিমৰ গোটৰে ধনৰ লেনদেনৰ সন্ধান লাভ কৰিছে ।

আনহাতে, মৰিগাঁৱৰ মিলনপুৰৰ পৰা জেহাদী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহত আফছাৰুল সহ সাতজনক সোধ-পোচৰ বাবে মৰিগাঁও আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে । ইপিনে, জেহাদী সংগঠনৰ লগত জড়িত থকা মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়াপামস্থিত জমিৰুল হুদা নামৰ মাদ্ৰাছাৰ শিক্ষক মুফটি মোস্তাফাক গ্ৰেপ্তাৰ কৰাৰ লগতে জেহাদী সংগঠনৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত সাতজনক আটক কৰা ঘটনাই সমগ্ৰ জিলাখনতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Exit mobile version