Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

ভোট দি আপুনি কি পালে ?

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
July 28, 2022
in Opinion
Reading Time: 1 min read
0
ভোট দি আপুনি কি পালে ?
2
SHARES
20
VIEWS
ShareShareShareShare

এই প্ৰশ্নটোকে উত্থাপন কৰি বিপদত পৰিল মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত এজন । নিৰ্বাচন বিভাগৰো দায়িত্বত থকা জিলা প্ৰশাসনৰ বিষয়া উমেশ প্ৰকাশ শুক্লাই গভীৰ হতাশা আৰু উষ্মাৰে মনৰ ক্ষোভ উজাৰিলে স্থানীয় নিকায় নিৰ্বাচনৰ এজন নিৰ্দলীয় প্ৰাৰ্থীৰ সমুখত । বেলট সম্পৰ্কীয় বিষয় এটা লৈ নিৰ্দলীয় প্ৰাৰ্থীজন অতিৰিক্ত উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছিল । প্ৰাৰ্থীজনৰ স’তে বাৰ্তালাপৰ সময়তে শুক্লাই সম্পূৰ্ণ দ্বিধাহীনভাৱে মন্তব্য কৰে – ‘দেশৰ সবাতোকৈ ডাঙৰ ভুল হ’ল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাটো । ইয়াৰ দ্বাৰা আমাৰ কি লাভ হৈছে ? আচলতে আমি ভোটদান কৰাৰ কোনো অৰ্থই নাই । ভোট দি আপুনি কি পাইছে ? ভোট দি যত সৱ দুৰ্নীতিগ্ৰস্ত নেতাক আমিয়েই জন্ম দিছো ।’ ঘটনাক্ৰমে শুক্লাল এই ভাষ্য তাত উপস্থিত কোনো লোকে ভিডিঅ’ ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ লগে লগে ই দেশজুৰি চৰ্চিত হৈ পৰে আৰু অৱধাৰিতভাৱেই চৰকাৰী পদত থাকিও এনে মন্তব্য কৰাৰ বাবে বিষয়াজন শাস্তিৰ সন্মুখীন হ’বলৈ বাধ্য হৈছে ।

ADVERTISEMENT

কিন্তু এয়া কেৱল এজন চৰকাৰী বিষয়াৰ মনৰ হতাশা আৰু ক্ষোভৰ উদ্‌গীৰণ নহয়, এয়া আপোনাৰ-মোৰ দৰে দেশৰ শত সহস্ৰাধিক নাগৰিকৰেই মনোভাৱ । স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উদ্‌যাপনৰ এই ‘অমৃত কাল’ত গণতন্ত্ৰ প্ৰতিষ্ঠাক দেশৰ সবাতোকৈ ডাঙৰ ভুল আখ্যা দিবলগীয়া হোৱাৰ অৱকাশ আহি পৰাটো নিতান্তই বিচাৰ্যৰ বিশেষকৈ মহাৰাষ্ট্ৰত চৰকাৰৰ সালসলনি, ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আৰু দুৰ্নীতিৰ গোচৰত পশ্চিমবংগৰ প্ৰভাৱশালী মন্ত্ৰীক গ্ৰেপ্তাৰৰ শেহতীয়া ঘটনাৱলীয়ে অতি সময়োচিতভাৱে নাগৰিকৰ সৰ্বোচ্চ গণতান্ত্ৰিক অধিকাৰ ভোটদানৰ যথাৰ্থতাকে সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে । সেয়েহে এই সম্পৰ্কত এক সুস্থ বিতৰ্কৰ ইয়াতকৈ আৰু উচিত সময় নহ’ব নিশ্চয় ।

RelatedPosts

Dainik Agradoot Today’s Edition: 8th March 2026

Dainik Agradoot Today’s Edition -3 March

Dainik Agradoot Today’s Edition : 22 Feb

সংসদৰ চলিত অধিবেশনত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে, যিয়ে কেতবোৰ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে । এই তথ্য অনুসৰি যোৱা ২০২০-২১ বৰ্ষত এক লাখ ৬৩ হেজাৰ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰি বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে । পূৰ্বৰ বছৰ বিলাকতকৈ এই সংখ্যা যথেষ্ট বেছি হোৱা হেতুকে সকলোৰে ভ্ৰূ কোঁচ খাইছে । তাৰে প্ৰায় অৰ্ধেক সংখ্যকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিছে । লক্ষ্যণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাধীনতাৰ পাছত সৰ্বোত্তম আখ্যা দিয়া সময়ছোৱাতে এনেদৰে ভাৰতৰ পৰা অনাকাংক্ষিত প্ৰব্ৰজনে কিহৰ ইংগিত দিছে ? কিয়নো দেশত্যাগ কৰাসকলৰ সামান্য দুই-এক ব্যতিক্ৰম বাদ দি সৰহ সংখ্যকেই উচ্চ শিক্ষিতই কেৱল নহয়; ধনী আৰু যথেষ্ট প্ৰভাৱশালী লোক । ভাৰতীয় গণতন্ত্ৰৰ পৰা এইসকল লোকেই আটাইতকৈ বেছি উপকৃত হৈছে অথচ এই সময়ছোৱাত দেশত তেনে কোনো দুৰ্ভিক্ষ, আকাল অথবা গৃহযুদ্ধৰো সূচনা হোৱা নাই ।

একেদৰে ধৰ্মীয় কাৰণত অত্যাচাৰিত হৈ পলায়ন কৰিবলগীয়া পৰিৱেশৰো সৃষ্টি হোৱা নাই । যদিও কেৱল উন্নত মানৰ জীৱন যাপন আৰু কম চৰকাৰী হস্তক্ষেপ আদিৰ বাবেই তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰা বুলি কোৱা হৈছে, দৰাচলতে এক অনিশ্চয়তাৰ পৰিৱেশে ইয়াত সৰ্বাধিক অৰিহণা যোগাইছে; কিয়নো এই দেশতো সেই উচ্চবিত্তশালীসকলে অতি উন্নতমানৰ জীৱন কটাই আহিছে, যাৰ সাধাৰণ ভাৰতীয়ৰ জীৱন মানৰ স’তে আকাশ-পাতাল প্ৰভেদ । এই কথাও ঠিক যে এনে পৰিৱেশ এদিনতে গঢ় লৈ উঠা নাই । এইসকল বিশেষ সুবিধাভোগী আৰু যথেষ্ট ধনী হোৱা হেতুকে দেশ ত্যাগৰ সামৰ্থ আছে আৰু তেওঁলোকে তাৰ সুবিধা লৈছে; কিন্তু প্ৰবল ইচ্ছা থকা সত্ত্বেও সামৰ্থহীন হোৱা হেতুকে তেনে সিদ্ধান্তৰ পৰা বিৰত থকা ভাৰতীয় নাগৰিকৰ সংখ্যাও নিশ্চয় কম নহ’ব । ধনী প্ৰভাৱশালীসকলে দেশত্যাগ কৰাৰ সময়ত দৰিদ্ৰ তথা সম্বলহীনসকলেই দেশপ্ৰেমৰ বোজা কঢ়িয়াই নিয়াৰ দায়িত্বও ল’ব লাগিব । এনে পৰিপ্ৰেক্ষিততে ভাৰতত গণতন্ত্ৰৰ সাৰ্থকতাৰ প্ৰশ্নটোৱে অৱধাৰিতভাৱে দোলা দি যায় । চলিত ব্যৱস্থাই যে নাগৰিকক আশ্বস্ত কৰিব পৰা নাই, তাৰেই প্ৰমাণ দি এইসকল লোকে মাতৃভূমিৰ টান এৰি বিদেশী ৰাষ্ট্ৰৰ কোলাত আশ্ৰয় লৈছেগৈ । এনে পৰিৱেশৰ বাবে আমি ভোট দি সৃষ্টি কৰা নেতাসকলেই জগৰীয়া নহয় নে ?

স্বাধীনতাৰ এই সুদীৰ্ঘ ৭৫ বছৰৰ পাছতো দেশৰ দুই-তৃতীয়াংশ জনসংখ্যা দৰদ্ৰ । ৩০ শতাংশ আকৌ অতি দৰিদ্ৰ । পৰাধীনতাৰ লগতে দেশক সকলো সমস্যাৰ পৰা মুক্তি দিয়া বুলি দাবী কৰি অহা কংগ্ৰেছেই হওক অথবা অমৃত কালৰ সন্ধান দিয়া বিজেপিয়েই হওক, জনগণৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হোৱা নাই । গভীৰ আস্থা আৰু বিশ্বাসেৰে নিৰ্বাচিত কৰি পঠিওৱা আমাৰ জনপ্ৰতিনিধিৰূপী নেতাসকল অৱশ্যে নিজৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত সদা তৎপৰ । গতিকে ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে স্থাপিত গণতন্ত্ৰই সুফল দিব পাৰিছে জানো ? এই কথা দোহাৰা প্ৰয়োজন নাই যে কে’বা শতিকা জোৰা বিচাৰ বিশ্লেষণৰ পাছত গণতন্ত্ৰকেই সৰ্বোত্তম শাসন ব্যৱস্থাৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে । গণতন্ত্ৰই জনতাক নিজৰ প্ৰতিনিধি নিৰ্বাচনৰ সুবিধা প্ৰদান কৰিছে ।

কিন্তু সেই প্ৰতিনিধিয়ে কাৰ স্বাৰ্থ পূৰণ কৰিছে ? আমাক কেনে ধৰণৰ প্ৰতিনিধি নিৰ্বাচনৰ বাবে বাধ্য কৰোৱা হৈছে ? ক্ষমতাশালী দলৰ বিত্তশালী প্ৰাৰ্থী নহ’লে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগেই নাই । পৌৰ নিকায়ৰ পৰা লোকসভালৈ প্ৰতিটো নিৰ্বাচনতে একো একোজন প্ৰাৰ্থীৰ বাবদ যিদৰে কোটি কোটি টকা ব্যয় কৰা হৈছে, তাৰ পাছত আৰু সাধা]ণ নাগৰিক এজনে সেই নিৰ্বাচনত প্ৰতিদ্বঙ্গিতা কৰি বিজয়ী হোৱাৰ দুঃস্বপ্ন দেখিব পাৰে নে ? গতিকে ভোটটো দি নাগৰিকে কেৱল আনুষ্ঠানিকতাহে সম্পূৰ্ণ কৰে, নেতা কোন হ’ব সেয়া পূবৰ্তেই ঠিক কৰি থোৱা থাকে । গণতন্ত্ৰৰ নামত এয়া উপহাস নহয় যদি কি ?

অকল সেয়ে নহয়, দেশত বিধায়ক-সাংসদ যিদৰে মুকলি বজাৰত কিনা-বেচা চলিছে তাৰ পাছত আৰু দেশত গণতন্ত্ৰৰ কোনো অৰ্থ আছে বুলি ভাবিব পাৰিনে ? মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাবিকাশ আঘাড়ী চৰকাৰক ক্ষমতাচ্যুত কৰি একনাথ শিণ্ডেই কিদৰে দল ভাঙি বিজেপিৰ স’তে নতুন চৰকাৰ গঠন কৰিলে সেয়া সকলোৰে আগত জল্‌জল্‌ পট্‌পট্‌ হৈ আছে । তাৰ পাছতে অনুষ্ঠিত ৰাষ্ট˜পতি নিৰ্বাচনতো দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে গৈ শাসক দলৰ প্ৰাৰ্থীক ভোটদান কৰা সাংসদ-বিধায়কৰ সংখ্যা ডেৰ শতাধিক । দলীয় নীতি-আদৰ্শ-পৰম্পৰা সকলো ধোঁৱাচাঙত তুলি ধন আৰু ক্ষমতাৰ লালসাত প্ৰতি মুহূৰ্ততে লুটিবাগৰ মাৰিছে জনপ্ৰতিনিধিসকলে দলত্যাগ হৈ পৰিছে এক স্বাভাৱিক প্ৰক্ৰিয়া । অৱশ্যে ভাৰতীয় ৰাজনীতিত দল ত্যাগ আৰু সাংসদ-বিধায়ক কিনা-বেচা কোনো নতুন কথা নহয়, কেৱল তাৰ প্ৰাবল্যহে কম-বেছি হৈ আহিছে সময়ে সময়ে । ১৯৪৮ত কংগ্ৰেছৰ পৰা ফালি আহি গঠন হৈছিল কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টি । তাৰ পাছৰে পৰা দল ভঙা-পতাৰ প্ৰক্ৰিয়া চলিয়ে আছে । কেৱল ১৯৫৭ৰ পৰা ১৯৬৭ লৈ ১০ বছৰ কালত ৯৭ জন সাংসদ তথা বিধায়কে কংগ্ৰেছ ত্যাগ কৰি আন দলত যোগ দিছিল অথবা নতুন দল গঠন কৰিছিল । ইয়াৰ বিপৰীতে একে সময়ছোৱাত আন দলৰ পৰা ৪১৯ জনে কংগ্ৰেছত যোগদান কি]ছিল/ ১৯৬৭ত দেশে প্ৰথমবা]লৈ দল সাল-সলনিৰ কুৎসিত ৰূপ প্ৰত্যক্ষ কৰে । কেন্দ্ৰত কংগ্ৰেছে পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লেও কে’বাখনো ৰাজ্যত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় আৰু তাৰে একাংশত পৰৱৰ্তী পৰ্যায়ত ক্ষমতাচ্যুত হয় ।

উত্তৰ প্ৰদেশ, পঞ্জাৱ, বিহাৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, হাৰিয়ানা আদিত ব্যাপক দল সালসলনিৰ ফলতে চৰকাৰৰ পতন আৰু নতুন চৰকাৰ গঠনে একপ্ৰকাৰ অভিলেখ গঢ়ি তোলে । এই ১৯৬৭তে হাৰিয়ানাৰ নিৰ্দলীয় বিধায়ক গয়া লালে একেদিনাই কেইঘণ্টামানৰ বিৰতিত একাধিক দলৰ সালসলনি ঘটাই ভাৰতীয় ৰাজনীতিত ‘আয়া ৰাম গয়া ৰাম’ৰ কুখ্যাত দৃষ্টান্ত স্থাপন কৰে তাৰ পাছৰ পৰাই দলত্যাগ বিৰোধী আইন প্ৰণয়নৰ চিন্তা-চৰ্চা আৰম্ভ হয় যদিও সি আলোচনা-বিলোচনাৰ পৰ্যায়তে ৰৈ যায় । পৰৱৰ্তী পৰ্যায়ত ইন্দিৰা গান্ধীয়ে বিভিন্ন ৰাজ্যত অ-কংগ্ৰেছী চৰকাৰসমূহ এখনৰ পাছত এখনকৈ ওফৰাবলৈ ধৰে আন দলত ভাঙোনৰ সৃষ্টি কৰি আনকি ১৯৭১ৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পাছতে চাৰি হেজাৰ সাংসদ আৰু বিধায়কৰ মাজৰ পৰা, ১,৯৬৯ টা দলত্যাগৰ ঘটনা সংঘটিত হয় । একেদৰে ১৯৬৭ৰ পৰা ১৯৮৩ৰ ভিতৰত কংগ্ৰেছ আৰু কংগ্ৰেছ (ই) লৈ ১,৯০০টা দল সলনিৰ ঘটনা লিপিবদ্ধ হৈ আছে । তদুপৰি এই সময়ছোৱাত মুখ্যমন্ত্ৰীৰ পদ লাভৰ বাবে দল সালসলনি কৰা ১৫ জন মুখ্যমন্ত্ৰীৰ ১০জনেই কংগ্ৰেছৰ আছিল বুলি প্ৰকাশ পাইছে । এইসকলৰ ভিতৰত মহাৰাষ্ট্ৰৰ শাৰদ পাৱাৰৰ পৰা হাৰিয়ানাৰ ভজন লাললৈকে বহু প্ৰভাৱশালী মুখ্যমন্ত্ৰী অন্তৰ্ভুক্ত হৈ আছে ।

পাছত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী পদত উপবিষ্ট হোৱাৰ পাছত দলত্যাগ বিৰোধী আইন প্ৰণয়নৰ বাবে তৎপৰ হৈ পৰে মুঠ সদস্য সংখ্যাৰ এক তৃতীয়াংশ অবিহনে দলত্যাগ কৰিলে সেইসকলৰ বিধায়ক অথবা সাংসদ পদ খাৰিজৰ ব্যৱস্থা কৰা হয় এই আইনৰ জৰিয়তে । কিন্তু এই আইনে যে এই ক্ষেত্ৰত কোনো প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল, সেয়া যোৱা প্ৰায় আঠ বছৰীয়া নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ শাসন কালত বিজেপিয়ে স্পষ্ট কৰি দিলে । অৰুণাচল প্ৰদেশ, মণিপুৰৰ পৰা আৰম্ভ কৰি কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশলৈকে এই আইনৰ জৰিয়তেই আন দলৰ চৰকাৰক ওফৰাই বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে । সেয়েহে একাংশ বিশ্লেষকে মন্তব্য কৰিছে যে এই আইনে খুচুৰা দলত্যাগৰ পৰিৱৰ্তে পাইকাৰী হাৰত দলত্যাগৰ সুৰুঙা উলিয়াই দিলে ।

অৱশ্যে দলত্যাগ বিৰোধী বিধেয়কক লৈ সংসদত আলোচনা কালতো একাধিক সাংসদে আশংকা প্ৰকাশ কৰিছিল যে এই আইনে বৃহৎ সংখ্যাত দলত্যাগত অৰিহণা যোগাব । কিন্তু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী বিষয়টোক লৈ যথেষ্ট দৃঢ় আছিল । সেই বাবেই বহুতে এই আইনক কংগ্ৰেছ ৰক্ষাৰ কৌশলৰূপেও কটাক্ষ কৰিছিল । সাম্প্ৰতিক সময়ত এই কথা অধিক প্ৰাসংগিক হৈ পৰিছে; কিয়নো আন দলত ভাঙোন সৃষ্টিৰে অথবা বিধায়ক কিনা-বেচা কৰি নিজৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক বিজেপিয়ে নতুন মাত্ৰা প্ৰদান কৰিছে । কংগ্ৰেছ, ঘাইকৈ ইন্দিৰা গান্ধীয়ে ৰূপায়ণ কৰা কৌশলেৰেই মোদী-শ্বাহৰ বিজেপিয়ে সেই কংগ্ৰেছকে ধূলিস্যৎ কৰিবলৈ ওলাইছে ।

গণতন্ত্ৰৰ বস্ত্ৰহৰণৰ এনে দৌৰাত্ম্যৰ মাজত নেতাৰ দুৰ্নীতিৰ বিষয়টো পিছপৰি ৰৈছে । চৌদিশে মুকলি লুটপাট অব্যাহত আছে যদিও তদন্তকাৰী সংস্থা সেইসকলৰ বিৰুদ্ধেহে সক্ৰিয় হৈছে, যিসকল বিজেপি বিৰোধী দলৰ নেতা । আনকি দুৰ্নীতিত ডিঙিলৈকে পোত যোৱা বুলি স্বয়ং বিজেপিয়েই অভিযোগ কৰি অহা নেতায়ো যদি এই দলত যোগ দিছে, তেন্তে সেইসকলো লগে লগে ধোৱা তুলসীৰ পাত হৈ উঠিছে । অৰ্থাৎ উপযুক্ত স্থানত থিয় দিলে সাত খুন মাফ !

এনে সামগ্ৰিক পৰিস্থিতিত উমেশ প্ৰকাশ শুক্লাৰ হতাশা যথাৰ্থ নহয় বুলি ক’ব পাৰিনে ? দৰাচলতে কেৱল ভোটিং মেচিনত চুইচটো টিপি দিয়াতহে আমাৰ গণতন্ত্ৰ বৰ্তি আছে– বাকী সকলো ক্ষমতাশালীসকলৰ পৰিকল্পনা আৰু ইংগিত অনুসৰিয়েই চলিছে । গতিকে সবৰ্সাধাৰণ নাগৰিকে প্ৰশ্ন কৰিবই পাৰে – ভোট দি আমি কি পালো ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dainik Agradootpranjal sen dekaদৈনিক অগ্ৰদূত
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d