ক’ভিড-১৯ প্ৰতিষেধক লৈ কিশোৰীৰ মৃত্যুৰ সন্দেহত উত্তপ্ত পৰিস্থিতি

7Z4D2XW77NMH7JTI5TWXWJ76MY

ক’ভিডৰ প্ৰতিষেধক লোৱাৰ পাছতে এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱাৰ সন্দেহত চাবুৱাৰ বালিজান চাহ বাগিচাত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সমগ্ৰ দেশত ক’ভিড-১৯ৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ অভিযান চলি থকাৰ সময়তে চাবুৱাৰ উক্ত বাগিচাখনৰ তিৰ্চা বাত্ৰী নামৰ কিশোৰীগৰাকী প্ৰতিষেধক লোৱাৰ পাছতে মৃত্যু হোৱা বুলি একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ।

ADVERTISEMENT

লগতে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনায় স্থানীয় ৰাইজে । কালি বাগিচাৰ অন্তৰ্গত কেচৰগড়া প্ৰাথমিক বিদ্যালয় স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছিল ছাত্ৰীগৰাকীয়ে । কিন্তু পুৱাই বমি কৰাৰ পাছতে দুপৰীয়া শুই থকা অৱস্থাতে কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি অৱগত কৰিছে পৰিয়ালৰ লোকে । কিশোৰীগৰাকীক ততাতৈয়াকৈ বাগিচা হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

ইতিমধ্যে পৰিস্থিতিৰ বুজ ল’বলৈ বুলি ৰাজহ চক্ৰ বিষয়া শিল্পীশিখা ঠাকুৰীয়া, চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপাংকৰ গগৈ, স্বাস্থ্য বিষয়াসহ স্বাস্থ্যকৰ্মীৰ দল উপস্থিত হয় বাগিচাৰ চিকিৎসালয়ত ।

প্ৰাথমিক পৰ্যায়ত ঘটনাৰ বুজ লৈ ৰাজহ চক্ৰ বিষয়াজনে কয়, ‘কিহৰ কাৰণে কিশোৰীগৰাকীৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট নহয় যদিও চিকিৎসকে হোৱা কথাবাৰ্তাৰ জৰিয়তে মৃত্যুৰ লক্ষণ অনুসৰি ৰক্তহীনতাৰ বাবেও মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ।’

এই ঘটনা অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি বিষয়াজনৰ নিৰ্দেশত কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জনায় । বিষয়াজনৰ মতে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট লাভ কৰাৰ পাছতহে কিশোৰীগৰাকীৰ মৃত্যুৰ কাৰণ স্পষ্ট হ’ব ।

Exit mobile version