লোকসভা আৰু বিধানসভা নিৰ্বাচন হ’ব পাৰে একেলগে, বৃহৎ পদক্ষেপৰ দিশে মোদী চৰকাৰ

1658761548 pm modi

লোকসভা আৰু বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত কৰাৰ বিষয়ত মতামত প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰে । কেন্দ্রীয় চৰকাৰে সমগ্ৰ বিষয়টো আইন আয়োগেও জনাইছে যাতে তেওঁলোকে এই বিষয়ত এটা পথনির্দেশনা প্ৰস্তুত কৰিব পাৰে । প্রসংগত পৰৱর্তী লোকসভা নির্বাচন হ’ব ২০২৪ত । লগতে ছয়খন ৰাজ্যত নির্বাচন হ’ব পাৰে ।

২০১৮ত আইন আয়োগে এটা প্ৰতিবেদনত জনাইছিল দেশত লোকসভা আৰু বিধানসভা নির্বাচন একলগে অনুষ্ঠিত কৰাৰ দৰে পৰিস্থিতি আছে । সেই সময়ৰ প্ৰতিবেদনত জনোৱা হৈছিল আর্টিকল ৮৩, আর্টিকল ১৭২ আৰু ৰিপ্রেজেন্টেছন অৱ পিপল এক্ট ১৯৫১ সংশোধন কৰিলে একেলগে দুটা নির্বাচন হ’ব পাৰে । ইয়াৰ ফলত ধাৰাবাহিকভাৱে গোটেই বছৰ নির্বাচন হোৱাৰ সেই প্রৱনতা বহুখিনি কমিব ।

চৰকাৰে সমগ্ৰ বিষয়টো আয়োগক জনাইছে । কিন্তু বর্তমান আয়োগত কোনো প্ৰধান নাই । আনকি অহা ফেব্রুৱাৰীত আয়োগৰ কাৰ্যকালো সমাপ্ত হ’ব । সাধাৰণ অৱসৰপ্রাপ্ত ন্যায়াধীশ এই আয়োগৰ প্ৰধান হয় ।

ইপিনে সংসদীয় কমিটীয়েও উল্লেখ কৰিছিল, বিধানসভা আৰু লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা প্ৰয়োজন । অৱশ্যে এই সন্দৰ্ভত একমত হ’বৰ বাবে সকলো ৰাজনৈতিক দলক অন্তত এক দশক সময়ৰ প্ৰয়োজন হ’ব পাৰে ।

ইপিনে সাধাৰণ লোকসভা নির্বাচনৰ ব্যয় কেন্দ্রীয় চৰকাৰ আৰু বিধানসভা নির্বাচনৰ ব্যয় সংশ্লিষ্ট ৰাজ্য বহন কৰে । এই ক্ষেত্রত একেলগে নিৰ্বাচন হ’লে কেন্দ্র আৰু ৰাজ্য চৰকাৰে অর্ধেক ব্যয় বহন কৰিব । অৱশ্যে সূত্রৰ খবৰ নির্বাচন আয়োগে ইতিমধ্যে মতামত দিছে তেওঁলোকৰ ইয়াক লৈ কোনো আপত্তি নাই । কেৱল ভোটিং মেচিন বৃদ্ধি কৰিলেই হ’ব ।

Exit mobile version