Iranian Women Hanged : স্বামীক হত্যা কৰাৰ শাস্তি, এদিনতে তিনি মহিলাক ফাঁচী ইৰানত !

AP 430183778532

স্বামীক হত্যা কৰাৰ অপৰাধত তিনি মহিলাক এদিনতে ফাঁচী দিয়া হ’ল ইৰানত । সংবাদসংস্থাৰ খবৰ অনুযায়ী, ইৰানৰ তিনিটা পৃথক কাৰাগাৰত শুকুৰবাৰে তেওঁলোকক ফাঁচী দিয়া হৈছে । সংবাদসংস্থাক এটা মানৱ অধিকাৰ সংগঠনৰ দাবী, চলিত বছৰ কমেও ১০ গৰাকী মহিলাক একেই অপৰাধৰ বাবে ফাঁচী দিয়া হৈছে । সংগঠনটোৱে প্রকাশ কৰা এটা প্ৰতিবেদন উদ্ধৃত কৰি সংবাদসংস্থাই জনাইছে, ২০১০ৰ পৰা ২০২১ৰ অক্টোবৰ পর্যন্ত ইৰানত মুঠ ১৬৪ গৰাকী মহিলাক ফাঁচী দিয়া হৈছিল । মানৱ অধিকাৰ কর্মচাৰীসকলৰ মতে, ২০২১ত ইৰানত ইব্রাহিম ৰাইচিৰ উত্থানৰ পাছত এই সংখ্যা বাঢ়িছে । ২০২১ৰ পৰা এই পর্যন্ত ৩০৬ গৰাকী মহিলাক ফাঁচী দিয়া হৈছে ।

শুকুৰবাৰে ফাঁচী দিয়া তিনি মহিলাৰ পৰিচয় জানিব পৰা গৈছে । সেনোবাৰ জালালি নামৰ এগৰাকী মহিলাক তেহৰান অঞ্চলৰ বাহিৰত এটা কাৰাগাৰত ফাঁচী দিয়া হৈছে । তেওঁ আফগানিস্তানৰ নাগৰিক আছিল । ইৰানৰ পশ্চিমত সানন্দাজ অঞ্চলৰ এটা কাৰাগাৰত ছোহেইলা আবেদিক মৃত্যুদণ্ড দিয়া হয় । ১৫ বছৰ বয়সতে ছোহেইলা বিয়া হৈছিল । বিয়াৰ ১০ বছৰ পাছত স্বামীক হত্যা কৰিছিল ছোহেইলাই । ২০১৫ত দোষী সাব্যস্ত হৈছিল তেওঁ । ইয়াৰ উপৰি উত্তৰ-পশ্চিমত উর্মিয়া অঞ্চলত ফাঁচী দিয়া হয় ফাৰানাক বেহেস্তিক । পাঁচ বছৰ পূৰ্বে স্বামীক হত্যা কৰাৰ অপৰাধত তেওঁ দোষী সাব্যস্ত হৈছিল ।

ইৰানৰ আইন অনুযায়ী, দেশৰ মহিলাসকলে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’ব নোৱাৰে । আনকি, শাৰীৰিক বা মানসিক নির্যাতনৰ বলি হ’লেও তেওঁলোকে বিচ্ছেদ বিচাৰিব নোৱাৰে । এই প্রসংগত ইৰান চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল অনেকেই । চৰকাৰক সমালোচনা কৰাৰ অপৰাধত চলিত সপ্তাহত কিছুসংখ্যকক গ্রেপ্তাৰো কৰা হৈছে । তেওঁলোকৰ ভিতৰত আছে, ‘দেয়াৰ ইজ নো এভিল’ চলচ্চিত্রৰ পৰিচালক মোহাম্মদ ৰসুলফো । ইৰানত মৃত্যুদণ্ডৰ প্রতিক্রিয়াৰ ওপৰত নির্মিত তেওঁৰ চলচ্চিত্রটো ২০২০ত বার্লিন চলচ্চিত্র উৎসৱত প্ৰদৰ্শন কৰে পাছত ছবিখনে ‘গোল্ডেন বিয়াৰ’ পুৰস্কাৰো লাভ কৰে ।

প্রসংগত, এজন আৰক্ষী বিষয়াক হত্যা কৰা ঘটনাত দোষী সাব্যস্ত এজন ব্যক্তিক অপৰাধস্থলতেই জনসমক্ষে ফাঁচী দিলে ইৰান প্রশাসনে । মানৱ অধিকাৰ সংগঠনৰ দাবী, দুবছৰৰো অধিক সময় পাছত এই ‘মধ্যযুগীয় প্রথা’ উভতি আহিল ইৰানত । অভিযোগ, দেশৰ অর্থনৈতিক সংকটক লৈ সৰৱ হোৱাত বিক্ষোভকাৰীসকলক দমন কৰিবলৈ এই প্রথা ঘূৰাই আনিছে চৰকাৰে ।

Exit mobile version