Monkeypox : ভাৰতত মাংকি পক্সৰ ৰূপ ইউৰোপৰ আক্রান্তসকলতকৈ পৃথক, নতুন উপসর্গ কি কি

Monkeypox 1 1

কেৰালাত আক্রান্ত হোৱা ব্যক্তিসকলৰ শৰীৰত মাংকি পক্সৰ যে ৰূপে দেখা দিছে, সেয়া ইউৰোপত আক্রান্তসকলৰ শৰীৰত পোৱা ৰূপতকৈ পৃথক । পৰীক্ষা-নিৰীক্ষাৰ পাছত জনাইছে, চিএছআইআৰ ইনষ্টিটিউট অৱ জিন’মিক্স এণ্ড ইন্টিগ্রেটিভ বায়’লজিৰ বৈজ্ঞানিকসকলে ।

কেৰালাৰ আক্রান্ত ব্যক্তিসকলৰ নমুনাৰ জিনৰ গঠন পৰীক্ষা কৰাৰ পাছতেই তেওঁলোকে এই দাবী কৰিছে ।

বৈজ্ঞানিকসকলে জনাইছে, কেৰালাৰ আক্রান্ত ব্যক্তিসকলৰ শৰীৰত মাংকি পক্সৰ যি ৰূপ দেখা গৈছে, সেয়া এ-২ ৰূপ । পূৰ্বে মাংকি পক্সৰ এ-২ ৰূপটো মূলত আমেৰিকা আৰু থাইলেণ্ডত দেখা গৈছে । অৱশ্যে ইউৰোপৰ বিভিন্ন দেশত বিয়পি পৰা মাংকিপক্সৰ ৰূপটো বি-১ ।

ইয়াৰ ভিতৰত কোনটো ৰূপ অধিক সংক্রামক, সেয়া প্রমাণ কৰিবৰ বাবে এতিয়াও বৈজ্ঞানিকসকলৰ তাত নির্দিষ্ট তথ্য নাই বুলিও জানিব পৰা গৈছে । ভাৰতত মাংকি পক্সত আক্রান্ত চাৰিজনৰ ভিতৰত দুজনৰ নমুনাৰ কেৱল জিনৰ গঠন পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

প্রসংগত, মাংকি পক্সৰ সংক্রমণ বিয়পি পৰাক লৈ আমেৰিকা, ব্রিটেইনসহ বিশ্বৰ বহু দেশত উদ্বেগ বাঢ়িছে । আন্তর্জাতিক স্তৰত একাধিক যৌথ গৱেষণাত প্ৰকাশিত তথ্য‌ই জনাইছে, এই ৰোগৰ আৰু কে’বাটাও নতুন উপসর্গৰ কথা । এটা ব্রিটিছ মেডিকেল জার্নেলত এই তথ্য প্রকাশিত হৈছে ।

এই পর্যন্ত ছালৰ সমস্যাকেই মাংকি পক্সৰ মূল উপসর্গ হিচাপে ধৰা হৈছিল । অৱশ্যে ‘দ্য নিউ ইংলেণ্ড জার্নেল অৱ মেডিচিন ষ্টাডি’ নামে এই গৱেষণাত প্ৰকাশ পাইছে, মলদ্বাৰত ঘা আৰু যৌনাংগত ক্ষতৰ দৰে উপসর্গও দেখা গৈছে কিছুসংখ্যক আক্রান্তৰ শৰীৰত । আক্রান্তসকলৰ ১৫ শতাংশ ৰোগীয়ে মলদ্বাৰত যন্ত্রণা হোৱাৰ কথাও জনাইছে । প্ৰত্যক্ষভাৱে যৌনবাহিত ৰোগ নহ’লেও চিফিলিছ বা হার্পিছৰ দৰে যৌনবাহিত ৰোগৰ উপসর্গৰ স’তে মাংকিপক্সৰ উপসর্গবোৰৰ সাদৃশ্য আছে বুলি জনায় বিশেষজ্ঞসকলে ।

Exit mobile version