টকিঅ’ ফিল্ম এৱাৰ্ডছত গ’ল্ডেন বঁটা লাভ কৰা অসমীয়া ছবি ‘গগৈ’ৰ ট্ৰেইলাৰ মুকলি

WhatsApp Image 2022 08 01 at 6.29.55 PM

অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আগন্তুক অসমীয়া চিনেমা ‘গ’গই’ৰ কলা-কুশলীয়ে মত বিনিময় কৰে । এই অনুষ্ঠানত অসমৰ চিনেমাজগতৰ কে’বাজনো কলা-কুশলীৰ লগতে অসমৰ আগশাৰীৰ বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে । যশস্বী পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত ছবি ‘গ’গই’ৰ প্ৰযোজনা নেক্সষ্টাৰ ষ্টুডিঅ’ৰ । ছবিখনৰ নাম ভূমিকাত বলিষ্ঠ অভিনয় কৰিছে অভিনেতা যতীন খনিকৰে । লগতে শক্তিশালী অভিনয় কৰিছে মিনাক্ষী ডেকা, হিমানজ্যোতি দাস, ৰাজেন ফুকন, লিজা নাথ, অনুৰূপা ডেকা ৰজাই ।

২০২০ত কৰ’না মহামাৰী সৃষ্ট দীর্ঘদিনীয়া তলাবন্ধৰ সময়ত জীৱিকা হেৰুৱাই গুজৰাটৰ পৰা অসমলৈ ২৭ দিন অনাহাৰে, অনিদ্রাই পদব্রজে উভতি অহা যাদৱ গগৈৰ ৰোমাঞ্চকৰ তথা দুঃসাহসিক যাত্ৰাৰ পটভূমিত চিনেমাখনৰ কাহিনী ৰচনা কৰা হৈছে ।

‘গ’গই’ ছবিখনে অলপতে অনুষ্ঠিত হোৱা টকিঅ’ ফিল্ম এৱাৰ্ডছত অংশগ্ৰহণ কৰি লাইভ একচন শাখাত শ্ৰেষ্ঠ ছবিৰ গ’ল্ডেন বঁটা লাভ কৰি অসমীয়া ছবি জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

পৰিচালক চন্দ্ৰ মুদৈয়ে অৱগত কৰা অনুসৰি ছবিখনত দৰ্শকে যতীন খনিকৰৰ দুৰ্দান্ত অভিনয়ৰ লগতে আন সকলো অভিনেতা অভিনেত্ৰীৰ শক্তিশালী অভিনয় প্ৰত্যক্ষ কৰিব ৷ ছবিখনৰ প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীয়ে প্ৰতিটো চৰিত্ৰকেই খুব সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে ।

চিনেমাখনৰ কাহিনী চন্দ্ৰ মুদৈৰ । চিত্ৰগ্ৰহণ নৱ দাস, চিদা বৰা আৰু প্ৰবীণ বসুমতাৰীৰ । সম্পাদনা আৰু ডি আই অসীম শৰ্মাৰ । ছাউণ্ড ডিজাইন হেঙুল মেধিৰ আৰু সংগীত পৰিচালনা নয়নমনি বৰ্মনৰ ।

ট্ৰেইলাৰটো ইতিমধ্যে ডিজিটেল তথা সামাজিক মাধ্যমত উপলব্ধ হৈছে । অহা ১৯ আগষ্টত মুক্তি পাবলগীয়া চিনেমাখন দৰ্শকে আদৰি ল’ব বুলি চিনেমাখনৰ নিৰ্মাতাসকল আশাবাদী ।

Exit mobile version