জ্যোতিৰ্ময়ী মইনা পাৰিজাতৰ নাট কৰ্মশালাৰ সামৰণি সন্ধ্যা

WhatsApp Image 2022 08 01 at 6.30.46 PM

বোকাখাত জিলা মইনা পাৰিজাতৰ অন্তৰ্গত শাখা জ্যোতিৰ্ময়ী মইনা পাৰিজাতে গৰমৰ বন্ধত প্ৰতি বছৰৰ দৰে এইবর্ষটো এক জুলাইৰ পৰা ৩০ জুলাইলৈকে প্ৰযোজনা ভিত্তিক লোকবাদ্য আৰু নাট কৰ্মশালা অনুষ্ঠিত কৰিছিল । সেই উপলক্ষত ৩০ জুলাই তাৰিখে সন্ধিয়া জ্যোতিবিদ্যাপীঠ স্কুলত শিশুসকলৰ দ্বাৰা মঞ্চস্থ কৰা হয় পৱিত্র ৰাজখোৱাৰ ৰচনা আৰু অৰ্পিতা কাশ্যপৰ পৰিচালনাত ‘মাৰফৎ বকুলতল’ । নাটকখনত সহ-পৰিচালক হিচাপে থাকে প্ৰণৱ শইকীয়া আৰু পৰিকল্পনা তৰুণ তীৰ্থ শইকীয়াৰ । ৩০ জুলাই তাৰিখে সন্ধিয়া সাত বাজি ১৪ মিনিটত সামৰণি সন্ধ্যাৰ অনুষ্ঠান আৰম্ভ হয় প্ৰশিক্ষার্থীসকলৰ দ্বাৰা এটি দিহা নামেৰে ।

দিহা নাম আৰু খোল বাদ্য, নেগেৰা, বাঁহী আদি লোকবাদ্যৰ ১০ দিনীয়া প্ৰশিক্ষণত ছাত্ৰ-ছাত্ৰীসকলক শিকোৱা হৈছিল । তাৰ পাছতেই জ্যোতিৰ্ময়ী মইনা পাৰিজাতৰ সভাপতি তথা জেডিএছজি মহাবিদ্যালয় বোকাখাতৰ অধ্যাপিকা শান্তিছায়া বৰুৱাই আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰি আৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী চুনু দেৱী আৰু অনুষ্ঠান উদ্ধোধন কৰে বোকাখাত জিলা মইনা পাৰিজাতৰ সম্পাদক ডালিমী সন্দিকৈ গগৈয়ে ।

ইয়াৰ পাছতে শিশুসকলৰ দ্বাৰা নাটক মনস্থ কৰা হয় । নাট কৰ্মশালাখনত মুঠ ২৫ জন প্ৰশিক্ষার্থীয়ে অংশগ্ৰহণ কৰে । প্ৰশিক্ষার্থীসকলে কৰ্মশালাত মুখা শিল্প আৰু আবৃত্তিৰ লগতে কণ্ঠৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । লগতে প্ৰশিক্ষার্থীসকলে ভিন্ন ৰঙী কাগজত নিজেই টিকট বনাই সেই টিকটসমূহ নিজেই বিক্ৰী কৰি এখন নাটক কেনেদৰে মঞ্চস্থ কৰা হয় সেই শিক্ষাও লাভ কৰে ।

শিশুসকলে ভিন্ন ধৰণে মঞ্চৰ লগতে বিদ্যালয়খন সজাই তুলি নিজেই টিকট বনাই বিক্ৰী কৰি নাটক কৰা কার্যক ভিন্ন ঠাইৰ নাটৰসিক সকলে উচ্চ প্ৰশংসা কৰে । নাটকখনত আলোক সজ্জাত আছিল নাট্যকর্মী ৰাতুল ৰাজখোৱা, ৰূপসজ্জাত প্ৰিয়াংশু প্ৰাঞ্জল, সাজ সজ্জাত বাসবী শ্ৰীময়ী, অন্বেষা বৰুৱা, দৃশ্য সজ্জাত মানস প্ৰতীম গগৈ আৰু সংগীতত তন্ময় শইকীয়া ।

জ্যোতিৰ্ময়ী মইনা পাৰিজাতৰ সম্পাদক ভেলেন্টিনা তামূলীয়ে সকলো দৰ্শক আৰু পৰীক্ষাৰ্থী প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত শিশুৰ বৌদ্ধিক আৰু মানসিক উন্নতিৰ বাবে এনে ধৰণৰ কাম প্ৰতি বছৰৰ দৰে অনাগত দিনটো কৰি যাম বুলি কয় ।

Exit mobile version