COVID-19 : ক’ভিড আপডেট

0.64708800 1655309418 0

বিগত চাৰি দিন ধৰি দেশজুৰি কৰ’নাৰ দৈনিক সংক্রমণৰ লেখচিত্র নিম্নমুখী হ’লেও বিগত ২৪ ঘণ্টাত কমি প্ৰায় ১৬ হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা কমি হ’ল ১৬,৪৬৪ । দেওবাৰে এই সংখ্যা আছিল ১৯,৬৭৩ ।

দেশত দৈনিক সংক্রমণৰ ৰাজ্যভিত্তিক তালিকাত শীর্ষত মহাৰাষ্ট্র । যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ১,৮৪৯ । ইয়াৰ পাছতে আছে কর্নাটক (১,৬৯২), কেৰালা (১,৬৩৯), তামিলনাডু (১,৪৬৭) আৰু দিল্লী (১,২৬৩) । অৱশ্যে পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰত বৃদ্ধি হৈছে ৬.০১ শতাংশ । দেওবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.৯৬ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৩৯ জনৰ । ইয়াৰ ভিতৰত কেৰালাত মৃতৰ সংখ্যা সর্বোচ্চ । বিগত ২৪ ঘণ্টাত কেৰালাত ১৫ জন ব্যক্তি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । তদুপৰি পশ্চিমবংগত সাতজন, মহাৰাষ্ট্রত তিনিজন আৰু কর্নাটক, উত্তৰ প্রদেশ, ওড়িছা, পঞ্জাৱ, ৰাজস্থানত দুজন ব্যক্তিৰ মৃত্যু হৈছে ।

হাৰিয়ানা, ছিকিম, অসম, আৰু জম্মু আৰু কাশ্মীৰত ক’ভিডত আক্রান্ত হৈ এজনকৈ লোকৰ মৃত্যু হৈছে । দেওবাৰে এই সংখ্যা আছিল ৪৫ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৮ হেজাৰ ৯৫৯ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ১৬,১১২ জন সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৩ লাখ ৬৫ হেজাৰ ৮৯০ জন । বর্তমান দেশত সুস্থতাৰ হাৰ ৯৮.৮০ শতাংশ । এই পর্যন্ত দেশজুৰি ২০৪ কোটি ৩৪ লাখ তিনি হেজাৰ ৬৭৬ টিকাকৰণ হৈছে ।

Exit mobile version