বোকাজানৰ ডিলাইত আৰক্ষীৰ তালাচীত বৃহৎ সাফল্য

সোণালী ত্ৰিভূজৰ বিখ্যাত 'DOUBLE UO GLOBE' ব্ৰেণ্ডৰ হেৰইন জব্দ, লগতে জব্দ বৃহৎ পৰিমাণৰ আফিং আৰু ক্ৰিষ্টেল

ইটোৰ পাছত সিটোকৈ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰা কাৰ্বি আংলং আৰক্ষীয়ে আজি পুনৰ লাভ কৰে আন এক বৃহৎ সফলতা ৷ আজি এক বিশেষ সূত্ৰৰ আধাৰত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ডিলাই আৰক্ষী আৰু চিআৰপিএফৰ দলে ডিলাই তিনিআলিত চলোৱা তালাচীত উদ্ধাৰ হয় হেৰইন, কানি আৰু স্ফটিক(ক্ৰিষ্টেল)ৰ দৰে নিষিদ্ধ আৰু নিচাজাতীয় সামগ্ৰী ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পুৱা মণিপুৰ আৰু নগালেণ্ডৰ দিশৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা এচ.কে.০৩ পি ১১৪৩ নম্বৰৰ এখন বলেৰ’ গাড়ী তালাচী চলাওঁতেই ওলাই পৰে উক্ত নিষিদ্ধ সামগ্ৰীসমূহ ৷

আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত উল্লেখনীয় হ’ল ৩৩৮ গ্ৰাম হেৰইনৰ পেকেট য’ত লিখা আছিল ব্ৰেণ্ডৰ নাম ‘DOUBLE UO GLOBE’ আৰু চাইনীছ ভাষাত লিখা আছিল ১০০ শতাংশ বিশুদ্ধ ৷

আৰক্ষীয়ে জনোৱা মতে, এই ব্ৰেণ্ডৰ হেৰইন ড্ৰাগছ আৰু উগ্ৰপন্থীৰ ৰম্যভূমি সোণালী ত্ৰিভুজত বিখ্যাত ৷ এই হেৰইনখিনি গাড়ীখনৰ ভিতৰৰ গ্লভ বাকছত ভৰাই আনিছিল ৷

ইপিনে, গীয়েৰ বক্সত সোমোৱাই অনা এক কেজি আফিং আৰু দুই কেজি ক্ৰিষ্টেলো উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীয়ে ৷ আৰক্ষীয়ে গাড়ীখনত অহা তিনি সৰৱৰাহকাৰীক আটক কৰিছে ৷ ধৃত অপৰাধী কেইটা হ’ল মণিপুৰ ইম্ফলৰ ৰাজেশ লাকান্দ্ৰি, কুমাৰ গাজিমাৰ আৰু সেনাপতি জিলাৰ টাংগামু মেৰিয়নমাই ৷

উল্লেখনীয় যে গাড়ীখনত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকীকৰণ, ছিকিম চৰকাৰৰ নামফলক লগোৱা আছিল ৷ আৰক্ষীয়ে ধাৰণা কৰা মতে জব্দ কৰা নিষিদ্ধ সামগ্ৰীসমূহ শিলিগুৰিলৈ নিছিল ৷

Exit mobile version