China-Taiwan Conflict : পেল’ছিৰ ভ্ৰমণৰ সময়তেই টাইৱানৰ আকাশসীমাত চীনৰ ২০খন যুদ্ধবিমান

1200x 1

ৰাজধানী টাইপেইৰ ছোংছান বিমানবন্দৰত অৱতৰণ কৰিব‌ই লৈছিল নেন্সি পেলোছিৰ বিমান । হঠাৎ চীন সাগৰৰ দ্বীপৰাষ্ট্রৰ পূৱ সীমান্তত চীনৰ বিমানবাহিনীৰ আক্ৰমণৰ বাতৰি বিয়পি পৰিল !

আমেৰিকাৰ কংগ্রেছৰ নিম্নকক্ষ হাউছ অৱ ৰিপ্রেজেনটেটিভছৰ অধ্যক্ষ আৰু সংগীসকলৰ ভ্ৰমণ আৰম্ভ কৰাৰ আগতেই টাইৱানৰ আকাশসীমাত প্ৰায় ২০খনৰো অধিক চীনা ফাইটাৰ জেট অনুপ্রৱেশ কৰে বুলি সংবাদ সংস্থা সূত্রৰ খবৰ । সামৰিক বিশেষজ্ঞসকলৰ একাংশৰ মতে, এই ঘটনাৰ মাধ্যমত স্বাভাৱিকভাৱেই সামৰিক অভিযান আৰম্ভ কৰাৰ বার্তা দিলে চীনা ৰাষ্ট্ৰপতি ছি জিনপিঙে ।

পেলোছিৰ ভ্ৰমণৰ সময়ত বেইজিঙে যে টাইৱানৰ আকাশসীমা লংঘন কৰিব পাৰে আমেৰিকাৰ সামৰিক সূত্রে তাৰ উমান পাইছিল । মঙলবাৰে নিশা পেল’ছি মালয়েছিয়াৰ পৰা টাইপেই উদ্দেশ্যি ৰাওনা হোৱাৰ পাছতেই তেওঁলোকক নিৰাপত্তা দিবলৈ জাপানৰ বিমানঘাটিৰ পৰা টাইৱানত আহিছিল আমেৰিকাৰ বিমানবাহিনীৰ ১৩খন ফাইটাৰ জেটৰ এটা স্কোৱাড্রন ।

পেলোছি আৰু আমেৰিকাৰ কংগ্রেছৰ প্রতিনিধিদলক বিমানবন্দৰত স্বাগত জনায় টাইৱানৰ বৈদেশিক মন্ত্রী জোছেফ য়ুসহ অন্য চৰকাৰী প্রতিনিধিসকলে । সংবাদমাধ্যমত প্রকাশিত এটা ভিডিঅ’ত দেখা গৈছে, বিমানবন্দৰৰ প্রায় অন্ধকাৰ ৰানৱেতে টর্চৰ পোহৰত খোজকাঢ়ি গৈছে পেল’ছি । এইবাৰ প্রশ্ন উঠিছে, চীনা বিমান আক্ৰমণৰ শংকাতেই বিমানবন্দৰৰ বহু পোহৰ নুমাই দিয়া হৈছিল নেকি ?

Exit mobile version