COVID-19 : ক’ভিড আপডেট

20201212205L

দেশজুৰি কৰ’নাৰ দৈনিক সংক্রমিতৰ সংখ্যা তিনি দিন ধৰি কমে যদিও বিগত ২৪ ঘণ্টাত বাঢ়ি ১৭ হেজাৰ অতিক্ৰম কৰিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌য়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা বাঢ়ি হ’ল ১৭,১৩৫ । মঙলবাৰে এই সংখ্যা আছিল ১৩,৭৩৪ ।

দেশত দৈনিক সংক্রমণৰ ৰাজ্যভিত্তিক তালিকাৰ শীর্ষত মহাৰাষ্ট্র । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ১,৮৮৬ । ইয়াৰ পাছতে আছে কর্নাটক (১,৭৩৬), দিল্লী (১,৫০৬), তামিলনাডু (১,৩০২), কেৰালা (১,০৫৭) । সম্প্ৰতি, ক’ভিডত দৈনিক আক্রান্তৰ সংখ্যা শূন্য ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ১৯,৮২৩ জন । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৪ লাখ তিনি হেজাৰ ৬১০ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৪৯ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৪৭ জনৰ । যোৱা ২৪ ঘণ্টাত কেৰালাত ১২ জন, মহাৰাষ্ট্র আৰু ৰাজস্থানত পাঁচজন, পশ্চিমবংগত চাৰিজন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । তদুপৰি দিল্লী, ছত্তীছগঢ় আৰু উত্তৰাখণ্ডত তিনিজন লোকৰ মৃত্যু হৈছে ।

পঞ্জাৱ, হিমাচল প্রদেশ, মণিপুৰত দুজন আৰু জম্মু আৰু কাশ্মীৰ, চণ্ডীগড়, পুদুচেৰি, হাৰিয়ানা, ওড়িছা আৰু উত্তৰ প্রদেশত ক’ভিডত আক্রান্ত হৈ এজনকৈ লোকৰ মৃত্যু হৈছে । মঙলবাৰে এই সংখ্যা আছিল ৩৪ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হ’ল পাঁচ লাখ ২৯ হেজাৰ ৪০ ।

বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৩.৬৯ শতাংশ । মঙলবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৩.৩৪ শতাংশ । এই পর্যন্ত দেশত ২০৪ কোটি ৮৪ লাখ ৩০ হেজাৰ ৭৩২ টিকাকৰণ হৈছে ।

Exit mobile version