Personal Data : ৮১টা সংশোধনী প্রস্তাৱ ! তথ্য সুৰক্ষা বিল প্রত্যাহাৰ কৰিলে কেন্দ্র‌ই

WhatsApp by Facebook stock photo 6

ব্যক্তিগত তথ্য সুৰক্ষা বিল প্ৰত্যাহাৰ কৰিলে কেন্দ্র‌ই । যৌথ সংসদীয় কমিটীয়ে এই বিলৰ ৮১টা পৰিৱর্তন কৰাৰ প্রস্তাৱ দিয়ে । তাৰ পাছতেই বিলটি প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় কেন্দ্র‌ই । চৰকাৰ বা অন্য কোনো সংস্থাই এজন ব্যক্তিয়ে দিয়া তথ্য কেনেদৰে ব্যৱহাৰ কৰিব, তাৰেই বিশদ সংস্থান আছে এই বিলত । চৰকাৰী সূত্রে জানিব পৰা গৈছে, আইনী দিশবোৰ পুনর্বিবেচনা কৰি সংসদত এই সংক্রান্ত নতুন বিল অনাৰ চেষ্টা কৰিব চৰকাৰে ।

উল্লেখ্য, কংগ্রেছ, তৃণমূলৰ দৰে বিৰোধী দলসমূহৰ প্রবল বিৰোধিতাত ২০১৯ত এই বিলখনৰ বিভিন্ন আইনী দিশ পৰ্যবেক্ষণ কৰিবৰ বাবে যৌথ কমিটী প্ৰেৰণ কৰে কেন্দ্রীয় চৰকাৰে । কিন্তু বিৰোধী দলসমূহৰ অভিযোগ আছিল, এই বিলৰ মাধ্যমত দেশৰ চৰকাৰে জনগণৰ ব্যক্তিগত পৰিসৰত হস্তক্ষেপ কৰিব বিচাৰিছে । তেওঁলোকৰ আৰু অভিযোগ আছিল, এই বিলৰ মাধ্যমত ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ যুক্তিত নাগৰিকসকলৰ সমস্ত ব্যক্তিগত তথ্য চৰকাৰৰ হাতত তুলি দিয়াৰ পথ প্রশস্ত হ’ব ।

এই বিলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য আছিল, ফেচবুক, হোৱাটছ‌এপৰ দৰে সংস্থাসমূহৰ । এই বিলৰ স’তে বিভিন্ন প্রযুক্তিগত আৰু আইনী প্রশ্নও জড়িত হৈ আছিল । ভুৱা খবৰ ৰোধ কৰিবৰ বাবে এই বিলত ছ’চিয়েল মিডিয়া ছাইটবোৰৰ ওপৰত দৃষ্টি ৰখাৰ সংস্থানো ৰখা হৈছিল । বিৰোধীপক্ষ‌ই দাবী কৰিছিল, এই বিলৰ মাধ্যমত নাগৰিকসকলৰ মৌলিক অধিকাৰ হস্তক্ষেপ কৰা হৈছে ।

Exit mobile version