CJI : দেশৰ ৪৯তম মুখ্য ন্যায়াধীশ হিচাপে ললিতৰ নাম জনালে ৰমণাই

Supreme Court of India

নিজৰ উত্তৰসূৰিৰ নাম প্রস্তাৱ কৰিলে উচ্চতম ন্যায়ালয়ৰ প্রধান ন্যায়াধীশ এনভি ৰমণাই । দেশৰ ৪৯তম প্রধান ন্যায়াধীশ হিচাপে অহা ২৭ আগষ্টত শপতগ্রহণ কৰিব ন্যায়াধীশ উদয় ইউ ললিতে । শীর্ষ আদালতৰ পৰৱর্তী ন্যায়াধীশৰ নাম ঘোষণা কৰিবৰ বাবে বুধবাৰে দেশৰ আইনমন্ত্রণালয়ে, এনভি ৰমণাক অনুৰোধ কৰিছিল ।

প্রথা অনুসৰি, দেশৰ প্রধান ন্যায়াধীশ অৱসৰ গ্রহণৰ পূৰ্বে পৰৱর্তী মুখ্য ন্যায়াধীশৰ নাম ঘোষণা কৰি যায় । বর্তমান অৱসৰগ্রহণৰ পূৰ্বে আইনমন্ত্রণালয়ে পৰৱর্তী মুখ্য ন্যায়াধীশৰ নাম জানিব বিচাৰি ৰমণাক এখন পত্ৰ প্ৰেৰণ কৰে । সেই মতেই অৱসৰগ্রহণৰ এমাহ পূৰ্বে আইনমন্ত্রণালয়ক দিয়া প্ৰত্যুত্তৰ পত্ৰত তেওঁ নিজৰ উত্তৰসূৰিৰ নাম জনায় ।

ন্যায়াধীশ ললিতে অৱশ্যে অতি কম সময়ৰ বাবে মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হ’ব । মাত্র তিনি মাহ তেওঁ এই পদত থাকিব । উল্লেখ্য, ২০১৪ৰ আগষ্টত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় ৰমণা ।

Exit mobile version