Explosives : খনিৰ কাষত ৪০টা বাকচত ৮০০০ জিলেটিন ষ্টিক উদ্ধাৰ কেৰালাত !

Unfrjtitled 320220804062436

কেৰালাৰ পলক্কড় জিলাত তালাচী চলাই আঠ হেজাৰ জিলেটিন ষ্টিক উদ্ধাৰ কৰিলে আৰক্ষীয়ে । এটা পৰিত্যক্ত খনিৰ কাষত ৪০টা বাকচৰ ভিতৰত থোৱা আছিল জিলেটিন ষ্টিকবোৰ ।

আৰক্ষী সূত্রে খবৰ, স্থানীয় বাসিন্দাসকলে প্রথমে বাকচবোৰ দেখে । তেওঁলোকেই আৰক্ষীক খবৰ দিয়ে । এই বিপুল পৰিমাণৰ জিলেটিন ষ্টিক কোনে ৰাখিছে বা কৰ’বাত লৈ যোৱাৰ পৰিকল্পনা আছিল নেকি, সেয়া পৰ্যবেক্ষণ কৰিছে আৰক্ষীয়ে ।

এই বিপুল পৰিমাণৰ জিলেটিন ষ্টিক উদ্ধাৰ হোৱাত আৰক্ষী প্রশাসনৰ চিন্তা বাঢ়িছে । কিছু দিনৰ পাছতেই স্বাধীনতা দিৱস । তাৰ আগতে বিপুল পরিমাণ জিলেটিন ষ্টিক উদ্ধাৰ হোৱাত তৎপৰতা বাঢ়িছে আৰক্ষী প্রশাসনৰ ।

এজন স্থানীয় বাসিন্দাই কয়, “খনিৰ কাষত পৰিত্যক্ত অৱস্থাত বাকচবোৰ দেখা পাওঁ । বাকচৰ কথা গ’ম পোৱাৰ পাছতেই অঞ্চলত আতংকৰ সৃষ্টি হয় । লগে লগে আৰক্ষীক খবৰ দিয়া হয় । বাকচৰ ভিতৰত যে বিপুল পৰিমাণৰ বিস্ফোৰক আছে সেয়া কল্পনাও কৰিব পৰা নাছিল কোনো ।”

Exit mobile version