Terror Attack Alert : পেৰাগ্লাইডিং কৰি লালকিল্লাত আক্ৰমণ কৰিব পাৰে সন্ত্ৰাসবাদীয়ে ! দাবী চোৰাংচোৱা প্ৰতিবেদনত

28red fort2

পেৰাগ্লাইডিং কৰি লালকিল্লাত প্ৰৱেশ কৰি আক্ৰমণ কৰিব পাৰে লস্কৰ তথা জইছ সন্ত্ৰাসবাদীয়ে । ভাৰতৰ ৭৫তম স্বাধীনতা দিৱসৰ পূৰ্বে চোৰাংচোৱাই এই বিষয়ত সতর্ক কৰিছে দিল্লী আৰক্ষীক । তেওঁলোকে জনাইছে, লালকিল্লাৰ প্রৱেশ পথত যেন নিৰাপত্তাৰ বলয় অধিক শক্তিশালী কৰাৰ ব্যৱস্থা কৰে দিল্লী আৰক্ষীয়ে । কাৰণ পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইৰ সমৰ্থিত লস্কৰ-ই-তইবা আৰু জইছ-ই-মহম্মদ সন্ত্ৰাসবাদীৰ আক্ৰমণ কৰাৰ পৰিকল্পনা থাকিব পাৰে । লগতে কিছু মৌলবাদী সংগঠনৰ বিষয়টো দিল্লী আৰক্ষীক সতর্ক কৰা হৈছে ।

ভাৰতীয় চোৰাংচোৱা সংস্থা বা ইন্টেলিজেন্স ব্যুৰ’ই এই সংক্রান্ত এটা ১০ পৃষ্ঠাৰ প্ৰতিবেদন জমা দিছে । প্ৰতিবেদনত দিল্লী আৰক্ষীক লালকিল্লাত প্ৰৱেশ কৰা সমস্ত প্রৱেশপথত কটকীয়া নিৰাপত্তা ব্যৱস্থা মোতায়েন কৰাৰ পৰামর্শ দিছে চোৰাংচোৱা সংস্থাটোৱে । তেওঁলোকে জনাইছে, পেৰাগ্লাইডিং কৰিও সন্ত্ৰাসবাদী নামিব পাৰে লালকিল্লাত । আক্ৰমণ কৰিবৰ বাবে আকাশপথত মানৱহীন উড়ন্ত যানো নমাব পাৰে । এই বিষয়ত সীমান্তৰক্ষী বাহিনীক সতর্ক থকাৰ পৰামর্শ দিছে তেওঁলোকে ।

১০ পৃষ্ঠাৰ আইবি প্ৰতিবেদনত এই দুই সন্ত্ৰাস গোষ্ঠীৰ স’তে পাকিস্তানৰ আইএছআইৰ সংযোগ থকাৰ কথাও কোৱা হৈছে । সন্ত্ৰাসবাদীয়ে জনাইছে, পাক গুপ্তচৰ সংস্থাই এই দুই সন্ত্ৰাস গোষ্ঠীক গুৰুত্বপূর্ণ স্থানত আৰু ডাঙৰ নেতাসকলৰ ওপৰত আক্ৰমণ কৰাৰ নির্দেশ দিছে ।

লগতে সম্প্রতি নূপুৰ শর্মাৰ মন্তব্যক লৈ বিতর্কৰ ফলত উদয়পুৰ আৰু অমৰাৱতীৰ কথা উল্লেখ কৰিছে ইন্টেলিজেন্স ব্যুৰ’ই বহুকেইটা মৌলবাদী সংগঠনক লৈও সতর্ক কৰিছে । আৰক্ষীক লালকিল্লা চৌহদত প্রহৰী বৃদ্ধি কৰাৰ কথাও কোৱা হৈছে ।

অৱশ্যে কেৱল দিল্লী আৰক্ষীয়ে নহয়, বিভিন্ন ৰাজ্যকো সতর্ক কৰা হৈছে । স্বাধীনতা দিৱসৰ পূৰ্বে ধ্বংসাত্মক ঘটনা বা আক্ৰমণ সংঘটিত নহ’বলৈ মৌলবাদী সংগঠনসমূহৰ কাৰ্যৰ ওপৰত চকু ৰখাৰ পৰামর্শ দিছে আইবি-য়ে ।

Exit mobile version