Monkeypox : ক্রমে বৃদ্ধি পাইছে মাংকিপক্স আক্রান্তৰ সংখ্যা, জনস্বাস্থ্যত জৰুৰী অৱস্থা ঘোষণা আমেৰিকাত

Monkeypox 1 1

বিশ্বজুৰি ক্রমশ উদ্বেগ বাঢ়িছে মাংকিপক্সৰ । সংক্রমিতৰ সংখ্যা বাঢ়িছে আমেৰিকাতো । এনে পৰিস্থিতিত আমেৰিকাত জনস্বাস্থ্যত জৰুৰী অৱস্থা ঘোষণা কৰা হ’ল ।

এই প্রসংগত স্বাস্থ্য আৰু মানৱসেৱা সচিব জেভিয়াৰ বেছেৰাই কয়, ‘‘আমেৰিকাৰ সকলো নাগৰিকক আবেদন, আপোনালোকে মাংকিপক্স সম্পর্কে সচেতন হ‌ওক । এই সংক্রমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰক আমাক ।’’ প্রাথমিকভাৱে ৯০ দিনৰ বাবে এই জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে । অৱশ্যে পৰিস্থিতি অনুযায়ী পৰৱর্তী কালত এই ম্যাদ বৃদ্ধি কৰা হ’ব পাৰে ।

আমেৰিকাত মাংকিপক্সত আক্রান্তৰ সংখ্যা ছয় হেজাৰ ৬০০ৰ ওচৰা-ওচৰি । বিশেষজ্ঞসকলৰ মতে, মাংকি ভাইৰাছত সংক্রমিতৰ প্ৰকৃত সংখ্যা আৰু বেছি । মাংকিপক্সৰ বিৰুদ্ধে যুঁজত ছয় লাখ জেৱাইএনএনইঅ’এছ প্রতিষেধক সৰবৰাহ কৰিছে আমেৰিকাই । যি প্ৰকৃততে তৈয়াৰ কৰা হৈছিল বসন্ত ৰোগৰ বাবে । কিন্তু এই পৰিমাণৰ টিকা যথেষ্ট নহয় । তাৰ কাৰণ, প্রায় ১০ লাখৰো অধিক লোক এই ভাইৰাছত সংক্রমিত হোৱাৰ শংকা আছে । বৰ্তমান আমেৰিকাৰ পৰিস্থিতি উদ্বেগজনক । ফলত দেশখনত জনস্বাস্থ্যত জৰুৰী অৱস্থা ঘোষণা কৰা হ’ল ।

Exit mobile version