Rahul Gandhi detained : সমদল কৰি ৰাষ্ট্রপতি ভৱন যোৱাৰ পথত আটক ৰাহুল গান্ধী, দেশজুৰি বিক্ষোভ কংগ্রেছৰ

oel3sqro rahul

সংসদ ভৱনৰ বাহিৰত ৰাহুল গান্ধীসহ একাধিক কংগ্রেছ সাংসদক আটক কৰিলে দিল্লী আৰক্ষীয়ে । মূল্যবৃদ্ধি, নিবনুৱা আৰু খাদ্যপণ্যৰ ওপৰত জিএছটি সংযোগ কৰাৰ প্রতিবাদত ৰাজধানীত তুমুল বিক্ষোভ আৰম্ভ কৰিছে কংগ্রেছে । সাংসদসকলৰ এটা সমদল লৈ সংসদৰ পৰা ৰাষ্ট্রপতি ভৱনৰ দিশে গৈছিল ৰাহুল । বিজয় চক পোৱাৰ আগতেই তেওঁক আটক কৰে দিল্লী আৰক্ষীয়ে । আজি সংসদ ভৱন চৌহদত ছোনিয়া গান্ধীয়েও বিক্ষোভ প্ৰদৰ্শন কৰে ।

দেশজুৰি বিক্ষোভ আন্দোলনত নামিছে কংগ্রেছ । ৰাজধানী দিল্লীত বিভিন্ন স্থানত বিক্ষোভ কাৰ্যসূচী পালন কৰিছে কংগ্রেছকর্মীসকলে । প্রধানমন্ত্রীৰ বাসভৱন ঘেৰাও কৰাৰো কাৰ্যসূচী আছে কংগ্রেছৰ । বিভিন্ন স্থানত আৰক্ষীৰ স’তে সংঘাত হৈছে দিল্লী আৰক্ষীৰ । কংগ্রেছৰ সাংসদসকলৰ কিছু সংখ্যকক টানি আজুৰি বাছত উঠাইছে কেন্দ্রীয় বাহিনীয়ে, এই দৃশ্য দেখা গৈছে । প্রতিবাদস্বৰূপ, কংগ্রেছ সাংসদসকলে ক’লা পোছাক পৰিধান কৰি আহিছিল ।

আজি সাংবাদিক বৈঠক কৰি মোদী চৰকাৰক তীব্র আক্রমণ কৰে ৰাহুলে । তেওঁ অভিযোগ কৰে, দেশত এতিয়া আৰু গণতন্ত্রৰ অৱশিষ্ট নাই । মাত্র চাৰিজন মানুহৰ একনায়কত্ব চলিছে ।

Exit mobile version