শনি মন্দিৰ নিৰ্মাণৰ বাবে ৫০ লাখ টকা অনুদান শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীৰ

শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে শিলচৰ সদৰঘাটত শ্ৰীশ্ৰী শনি মন্দিৰ নিৰ্মাণৰ বাবে ১০ লাখ টকা প্ৰদান কৰে । শনিবাৰে সন্ধিয়া বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ।

বিধায়ক দীপায়নে ভাষণ প্ৰসংগত শনি মন্দিৰ নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে । মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বাবুল হোৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট লোকসকলৰ ভিতৰত আছিল বিজেপিৰ জিলা সভাপতি বিমলেন্দু ৰায়, সাধাৰণ সম্পাদক অভ্ৰজিত চক্ৰৱৰ্তী, অধিবক্তা দেৱাশিষ সোম, প্ৰতিনিধি পৰিষদৰ সভাপতি, দানবীৰ অনুপ কুমাৰ সিং, ৰথিন্দ্ৰ সাহা, প্ৰাক্তন পৌৰসভাপতি কুন্তল পাল, মধ্য শবৰ মণ্ডলৰ সভাপতি শান্তনু ৰায় আৰু ৰাজীৱ নাথ উপস্থিত থাকে ।

সভাত মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক বাসুদেৱ শৰ্মাই কয় যে সদৰঘাটৰ শ্ৰীশ্ৰী শনি মন্দিৰৰ ভৱন নিৰ্মাণৰ বাবে তিনি কোটি টকা আবণ্টন দিয়া হৈছে । কিছুদিন পূৰ্বে শিলচৰৰ সাংসদ ড০ ৰাজদীপ ৰায়ে মন্দিৰ ভৱন নিৰ্মাণৰ বাবে ১০ লাখ টকা আদায় দিছিল ।

Exit mobile version