অসম আৰু অসমীয়া জাতিৰ ভাবুকিস্বৰূপ “ধৰ্মীয় মৌলবাদী শক্তিসমূহক পুলিয়ে-পোখাই উৎখাত কৰক অসম ভূমিৰ পৰা”

ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

WhatsApp Image 2022 08 06 at 5.53.58 PM

শেহতীয়াকৈ নামনি অসম আৰু মধ্য অসমৰ কিছু অঞ্চলত ধৰ্মীয় মৌলবাদী শক্তি কিছুমান খোপনি পোতা বুলি আৰক্ষী প্ৰসাশন তথা বিভিন্ন সংবাদমাধ্যমযোগে তথ্য পোৱা গৈছে । ইতিমধ্যে অসম আৰক্ষীয়ে অসম আৰু অসমীয়া জাতি বিৰোধী এনে চক্ৰৰ কে’বাগৰাকী লোকক আটকো কৰিছে ৷ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে অসমৰ পৰা ধৰ্মীয় মৌলবাদীৰ দৰে অপ শক্তিবোৰৰ ঘাটি সমূলাঞ্চে উৎখাত কৰাৰ দাবীত আজি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয় বাঘহাজৰিকা ভৱনত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হ’ক আৰু কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক চহিদ আলী আহমেদে অসম চৰকাৰ আৰু প্ৰসাশনক সাদৰে দাবী উত্থাপন কৰে যাতে এই অপকৰ্ম আৰু দুষ্ট চক্ৰৰ লগত জড়িত কোনো এজন ব্যক্তি সাৰি জাব নোৱাৰে । অসমীয়া জাতিক দুৰ্বল কৰিব বিচৰা আৰু অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধ বিনষ্ট কৰিব বিচৰা এনে ধৰণৰ মৌলবাদী আৰু অসামাজিক শক্তিসমূহক অসমৰ ভূমিৰ পৰা পুলি-পোখালিয়ে উঘালী পেলোৱাৰ বাবে সৰ্বস্তৰৰ শক্তি প্ৰয়োগ কৰাৰ চৰকাৰক দাবী জনায় ।

লগতে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে অসম আন্দোলনৰ হোতা জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানক এই মৌলবাদী শক্তিসমূহৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবে যি ভাবুকি প্ৰদান কৰিছে, এনে শক্তিক গৰিহণা দিয়ে আৰু এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে । দৰকাৰ হ’লে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে এই শক্তিবোৰক নিঃশেষ কৰিবলৈ চৰম পন্থা ল’বলৈও কুণ্ঠাবোধ নকৰে ।

Exit mobile version