China-Taiwan Conflict : টাইৱানৰ ক্ষেপণাস্ত্র সংস্থাৰ কৰ্মকৰ্তাৰ দেহ হোটেলত, চীনা মহৰাৰ মাজতেই ৰহস্যজনক মৃত্যু

1659768901 taiwan

টাইৱান সীমান্তৰ নিচেই কাষত চীনা ফৌজৰ যুদ্ধৰ মহৰা চলিছে । এনে পৰিস্থিতিতে ৰহস্যজনক মৃত্যু ঘটিল টাইৱানৰ ক্ষেপণাস্ত্র নির্মাণকাৰী সংস্থাৰ সহ-প্রধানৰ । টাইৱানৰ চৰকাৰী সংস্থা চেন্ট্রেল নিউজ এজেন্সিৰ কথা উল্লেখ কৰি এই কথা জনাইছে ৰয়টাৰ্ছে । কি কাৰণত তেওঁৰ মৃত্যু হ’ল সেয়া পৰ্যবেক্ষণ কৰা হৈছে ।

আউ ইয়াং লি-ছিং টাইৱানৰ সেনাৰ অধীনত থকা চুং ছান ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনলজিৰ সহ-প্রধান আছিল । শনিবাৰে পুৱা দক্ষিণ টাইৱানৰ এটা হোটেলৰ কোঠাত তেওঁক মৃত অৱস্থাত পোৱা যায় । ঘটনাৰ তদন্ত আৰম্ভ হৈছে । আউ ইয়াঙে জীৱিকাসূত্ৰে দক্ষিণ টাইৱানৰ পিংটুং প্রদেশত গৈছিল বুলিও জানিব পৰা গৈছে । শনিবাৰে তেওঁৰ ক্ষেপণাস্ত্র উৎপাদন কেন্দ্র পৰিদর্শন কৰাৰো কথা আছিল । চীনৰ স’তে টাইৱানৰ কূটনৈতিক উত্তেজনা বৃদ্ধিৰ পাছৰ পৰাই ক্ষেপণাস্ত্র উৎপাদন কে’বা গুণো বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে টাইপেয়ে ।

ঘটনাচক্রে শুকুৰবাৰৰ পৰা টাইৱান প্রণালীৰ পিংটুং অঞ্চলৰ কাষতেই আকাশ আৰু জলযুদ্ধৰ মহৰা দিয়া আৰম্ভ কৰিছে চীনে । টাইৱানৰ পৰা চীনৰ সেই মহৰাস্থলৰ দূৰত্ব ২০ কিলোমিটাৰৰো কম ।

Exit mobile version